নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আগন্তুক বিটিচি নিৰ্বাচনত এককভাৱে অংশগ্ৰহণ কৰিব এনডিএফবিৰ চাৰিওটা গোটে । ২৪ ফেব্ৰুৱাৰীত বড়ো শান্তি চুক্তিৰ চূড়ান্ত বিজয় উৎসৱৰ পাচতে এটা ৰাজনৈতিক দল গঠন কৰিব এনডিএফবিৰ চাৰিওটা গোটে । কংগ্ৰেছ, বিজেপি, বিপিএফ অথবা ইউপিপিএল যি দলেই এনডিএফবিৰ আটাইবোৰ দাবী মানি ল’ব সেই দলৰে সৈতে মিত্ৰতা কৰিব বুলি উল্লেখ কৰে ।
বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বি ফেৰেংগা আৰু বি চাওৰাইগ্ৰাই আগন্তুক দিনসমূহত বিটিচিৰ ৰাজনৈতিক ছবিখনৰ পৰিৱৰ্তন হ’ব বুলি উল্লেখ কৰে । ৰাজনৈতিক দল গঠন অৱশ্যেই হ’ব বুলি উল্লেখ কৰি যি দলে তেওঁলোকৰ দাবী সমূহ মানি ল’ব অথবা গুৰুত্বসহকাৰে গ্ৰহণ কৰিব সেই দলৰ সৈতেই মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি কয় দুয়োগৰাকী নেতাই ।