নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ৰে’ল ষ্টেচনত এক কেজি চোৰাং সোণ জব্দ

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : গুৱাহাটী ৰেল ষ্টেচনত আজি ৰেল আৰক্ষীয়ে অভিযান চলাই এক কেজি চোৰাং সোণসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গুৱাহাটী ৰেল ষ্টেচনত পুনৰ ৰেল আৰক্ষীয়ে সোণ জব্দ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জব্দকৃত সোণখিনি আগৰতলাৰ পৰা ৰাজস্থানৰ জয়পুৰলৈ সৰবৰাহ কৰি নিয়াৰ পৰিকল্পনা আছিল দুষ্ট চক্ৰটোৰ। তেজস্ব এক্সপ্ৰেছৰ পৰা সোণ খিনি জব্দ কৰে চৰকাৰী ৰেল আৰক্ষীয়ে। সোণখিনিৰ লগতে ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰীক। ধত সৰবৰাহকাৰীটো হৈছে গুলু যাদৱ। জব্দকৃত সোণ খিনিৰ ওজন প্ৰায় ১ কেজি হব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

#বাৰ্তা ডেস্ক

You might also like