নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতি নিবাৰকৰ জালত দলগাঁৱৰ হাবিলদাৰ

ষ্টাফ ৰিপৰ্টাৰ, ১৪ নৱেম্বৰঃ গোচৰ নিষ্পত্তি কৰাৰ নামত অভিযুক্তৰ পৰা হোটেলত লেনদেন কৰি আজি দুৰ্নীতি নিবাৰণ শাখাৰ হাতত কৰায়ত্ত হৈছে দৰঙৰ দলগাঁও থানাৰ হাবিলদাৰ। চফে দ আলি নামৰ কৰায়ত্ত হাবিলদাৰজনক বাতৰি লিখাৰ পৰালৈ দলগাঁৱত সোধাপোাচ চলাই থকা হৈছে আৰু নিশা লৈ আদালতত হাজোৰ কৰোৱাই জিম্মাত লোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। মনকৰিবলগীয়া যে দলগাঁও থানাৰ অন্তৰ্গত ২নং শিয়ালমাৰী গাৱৰ মালেক ওস্তৰ নামৰ লোকজনৰ পত্নীয়ে দলগাওঁ থানাত গোচৰ ৰুজু কৰা বুলি এক মধ্যভোগীৰ জৰিয়তে জাল পাতিছিল হাৱালদাৰ চফেদ আলিয়ে। সময়ত পত্নীৰ গোচৰ প্ৰত্যাহাৰৰ বাবে মাত্ৰ ২০ হাজাৰ টকা মধ্যভোগী মোচাফ আলিৰ জৰিয়তে মালেক ওস্তৰৰ সৈতে বুজাবুজি হৈছিল। উক্ত বুজাবুজি মৰ্নে আজি দলগাৱৰ টাইটান নামৰ হোটেল খনত মালেক ওস্তৰে ২০ হাজাৰ টকা হাৱালদাৰ চফেদ আলিৰ হাতত তুলি দিয়ে আৰু লগে লগে দুৰ্ণীতি নিবাৰক শাখাৰ হাতত কৰায়ত্ব হব লগা হয়। হাৱালদাৰ চফেদৰ ঘৰ দলগাৱৰ বিটি চেন্টাৰৰ বিপৰীত দিশত হোৱা হেতুকে দালাল সৃষ্টি আৰু অপৰাধ গাপ দিয়াত দলগাওঁ থানাক ধন উপাৰ্জনৰ কেন্দ্ৰ হিচাবে গঢ় দিছিল। চোৰাং গৰুৰ বেহা, আইপিএল জুৱা আনকি ছাত্ৰ নেতাৰ ঘৰত চলি অহা জুৱাৰ ক্ষেত্ৰটো হাৱালদাৰ চফেদৰ দীঘল হাতৰ প্ৰমাণ পাই আহিছে অপৰাধী চক্ৰই। স্বাভাৱিকতে প্ৰশ্ন উঠিছে হাৱালদাৰ ৰঙাঘৰলৈ যাব বা ৩ মাহৰ বাবে অৱসৰ যাপনৰ নিলম্বনো হব। কিন্তু মোচাফ আলি নামৰ মধ্যভোগীটো কৰায়ত্ব হবনে নাই? কাৰণ মোচাফ আলি আৰু চফেদেই মালেক ওস্তৰৰ পৰা ধন সৰকোৱাৰ জাল খন পাতিছিল। এনে বহু জাল পাতি সফল হৈছিল যদিও স্হানীয় গাওঁৰক্ষী বাহিনীৰ তৎপৰতাত হাতকেৰেয়া পৰিধান কৰাৰ পাছত চফেদৰ কলা ধনৰ সন্ধান পাবনে দুৰ্ণীতি নিবাৰকৰ দলে ?

প্ৰেৰক দিগন্ত শৰ্মা

You might also like