নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়াত শতকৰ সিংহাসনত কিং কোহলি

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ঐতিহাসিক ইনিংছ খেলি বিৰাট কোহলিয়ে ২০২৩ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে। এই শতকৰে কিং কোহলিয়ে এদিনীয়া মেচত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ। কোহলিয়ে ৮টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ১০৬টা বলত শতক সম্পূৰ্ণ কৰে। এয়া কোহলিৰ এদিনীয়া ৫০তম শতক আৰু এদিনীয়া ফৰ্মেটত ৫০ শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়। ভাৰতীয় প্রাক্তন কিংবদন্তি শচীন টেণ্ডুলকাৰে কেৰিয়াৰত এদিনীয়াত ৪৯টা শতক অর্জন কৰিছিল যদিও এতিয়া কোহলিয়ে কিংবদন্তিগৰাকীৰ অভিলেখ ভংগ কৰিছে৷ কিংবদন্তি তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত ৪৬৩খন এদিনীয়া মেচ খেলিছিল। কিং কোহলিয়ে ২৯১সংখ্যক এদিনীয়া মেচ খেলিছে। ইয়াৰ উপৰি কোহলিয়ে বিশ্বকাপৰ একক সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। এইক্ষেত্ৰতো কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰে। কোহলিৰ পূৰ্বে শচীন তেণ্ডুলকাৰে বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা কোহলি দ্বিতীয়জন বেটছমেন। ৫০সংখ্যক এদিনীয়া শতকৰ জৰিয়তে কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮০তম শতক অৰ্জন কৰে। এদিনীয়া মেচত ৫০টা শতকৰ উপৰি টেষ্ট ক্ৰিকেটত ২৯টা শতক আৰু টি-২০ ইণ্টাৰনেশ্যনেলত এটা শতক অৰ্জন কৰিছে কোহলিয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভাৰতৰ প্ৰাক্তন কিংবদন্তি শচীন টেণ্ডুলকাৰৰ নামত ৰখা হৈছে, যিয়ে নিজৰ কেৰিয়াৰত ১০০ শতক অৰ্জন কৰিছিল।

#বাৰ্তা ডেস্ক

You might also like