নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্ণগতিত চলিছে ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণকাৰ্য

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ পূৰ্ণ গতিত চলিছে ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণৰ কাম। জানিব পৰা মতে, দলংখনৰ সৰ্বমুঠ ১৯১টা খুঁটিৰ ৯০ টাৰ পাইলিংৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। আনুমানিক ভাৱে দলংখনৰ ২২ শতাংশ নিৰ্মাণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। উল্লেখ্য যে  বৰলুইতৰ ওপৰেৰে নামনি অসমৰ ধুবুৰী আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী সংযোগী নিৰ্মীয়মান  এই দলংখনৰ নিৰ্মাণৰ কাম ২০২৬/২৭  চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। নৰ্থ-ইষ্ট ৰোড নেটওৱৰ্ক কানেক্টিভিটী’ আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত জাপান ইন্টাৰনেচনেল ক’ৰপ’ৰেচন এজেঞ্চী’’ (চমুকৈ জাইকা)ৰ বিত্তীয় সাহায্যত নিৰ্মাণ কৰি থকা হৈছে ১৯.২৮২ কিলোমিটাৰ  দৈৰ্ঘ্যৰ, দেশৰ সৰ্ববৃহৎ এই নদী দলংখন। দলংখনৰ নিৰ্মাণ মূল্য ৰূপে ধাৰ্য কৰা হৈছে মুঠ ৪৯৯৭.০৪ কোটি টকা। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰী দ্বিতীয় খণ্ডৰ পৰা লুইতৰ ওপৰেদি নিৰ্মাণ কৰি থকা হোৱা এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে এলএণ্ডটি নামৰ বহুজাতিক নিৰ্মাণকাৰী সংস্থা এটাই। এই  দলংখনৰ  নিৰ্মাণ  সম্পূৰ্ণ  হ’লে ফুলবাৰীলৈ  ব্ৰহ্মপুত্ৰৰ  উজনিমুৱা  কেইবাঘন্টীয়া নাও যাত্ৰা মাথো ১৫-২০ মিনিটমানতেই সম্পূৰ্ণ কৰা সম্ভৱপৰ হৈ উঠিব। স্মৰ্তব্য যে ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে ধুবুৰী-ফুলবাৰী সংযোগী এই  দলংখনৰ  নিৰ্মাণৰ  কামৰ  অনুমোদন  জনোৱাৰ পিছত মাথোঁ দুই বছৰৰ ভিতৰতেই দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণকে ধৰি অত্যাধুনিক  থ্ৰিজি (3G) জৰীপৰ  কাম  সম্পূৰ্ণ  কৰা হৈছিল। ২০২১ বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা ভাৰ্চুয়েল মাধ্যমযোগে আনুষ্ঠানিক  ভাৱে শুভাৰম্ভ  কৰিছিল বহু প্ৰত্যাশিত এই  ধুবুৰী–ফুলবাৰী দলংখনৰ নিৰ্মাণৰ কাম। উল্লেখনীয়  যে, কেৱল যাতায়াতৰ  ক্ষেত্ৰতেই  নহয়; এই দলংখনে  বৃহত্তৰ অঞ্চলটোৰ আৰ্থ সামাজিক দিশলৈ এক সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ  সমান্তৰালকৈ পৰ্যটনৰ  ক্ষেত্ৰখনতো নতুন  দিগন্তৰ  সূচনা কৰাটো প্ৰায়  নিশ্চিত।  এই দলংখনে  উত্তৰ–পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। সমান্তৰালকৈ চুবুৰীয়া বাংলাদেশক সৈতেও আমদানি–ৰপ্তানিৰ ক্ষেত্ৰখনতো দলংখনে এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰো সম্ভাৱনা আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like