নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ লখিমপুৰৰ ধলপুৰস্থিত কচুৱা নিৱাসী সমাজকৰ্মী গোবিন ভট্টাচাৰ্যৰ কালি নিশা ১১:৪০ মান বজাত পৰলোকপ্ৰাপ্তি হয়। ধৰ্মীয় বিভিন্ন অনুষ্ঠানৰ লগত জড়িত ভট্টাচাৰ্যই ৯৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ঘৰতে কিছুদিনৰ পৰা চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্যৰ যতন লৈ আছিল। কালি স্বাস্থ্যৰ অৱনতি হোৱাত ভট্টাচাৰ্যক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসাৰত অৱস্থাতে তেওঁৰ মৃত্যু হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব তথা ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠন কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ পিতৃ গোবিন ভট্টাচাৰ্যৰ মৃত্যুত ধলপুৰ অঞ্চলৰ লগতে লখিমপুৰ জিলাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ তেওঁৰ মৃত্যুত এইছ বি এছ ফ্লৱাচ্, ধলপুৰ কবি সন্মিলন, ধলপুৰ প্ৰেছ ক্লাব, ধলপুৰ শাখা সাহিত্য সভা,দকুৱা কল্পতৰু যুৱক সংঘকে আদি কৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-বোৱাৰী, জী-জোঁৱাই,নাতি নাতিনী আৰু গুণমুগ্ধক ইহসংসাৰত এৰি যায় ৷
প্ৰেৰক মাধুৰ্য দাস