নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ বাজিয়াগাঁৱত অবৈধ কাঠফলা মিল জব্দ বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ বাজিয়াগাৱঁত আজি সন্ধিয়া বন বিভাগে অভিযান চলাই এটা অবৈধভাৱে চলি থকা কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া সুভাষ কদম আৰু নগাঁও সহকাৰী বন সংৰক্ষক তথা শালনা বনঞ্চালিক বিষয়াৰ দায়িত্বত থকা দীপাংকৰ দেৱৰ খবৰৰ ভিত্তিত আজি নগাঁও বন সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ কাকতি আৰু শালনাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন পালক প্ৰণৱ কুমাৰ বৰাৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে চামগুৰিৰ বাজিয়াগাঁৱত যৌথ অভিযান চলাই নাজিৰ হুছেইন নামৰ লোকজনৰ এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগৰ দলটোৱে অভিযান চলোৱাৰ সময়ত আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ বেপাৰী নাজিৰ হুছেইন নামৰ লোকজন পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে পৰৱৰ্তী সময়ত বন বিভাগৰ অভিযানকাৰী দলটোৱে কাঠফলা মিলটোৰ যন্ত্ৰাংশসমূহ শালনা বনাঞ্চলিক কাৰ্যালয়লৈ নিয়ে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like