নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত বাছত টিউবেৰে বান্ধি সৰবৰাহ ড্ৰাগছ : বইটামাৰীত চালক-হেণ্ডিমেন

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে অভিযান তীব্ৰতৰ কৰি তোলাৰ পিছত ড্ৰাগছৰ সৰবৰাহ প্ৰায় হ্ৰাস পাইছিল যদিও বৰ্তমান একাংশই ড্ৰাগছ সৰবৰাহৰ নিত্য নতুন কৌশল অৱলম্বন কৰিছে। তেনে নতুন কৌশল হিচাপে ড্ৰাগছ সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰিছে দূৰণিবটীয়া বাছ। আজি বইটামাৰী আৰক্ষীয়ে পুৱা অভিযান চলাই চাপৰৰ পৰা গুৱাহাটী অভিমুখী বাছ এখনৰ পৰা উদ্ধাৰ কৰিছে কৰিছে ড্ৰাগছ। এই ড্ৰাগছখিনি হেৰোইন বুলি জানিব পৰা গৈছে। বইটামাৰী আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি এ এছ ০১ এফ চি ৫২৪০ নম্বৰৰ ভোলানাথ নামৰ বাছখনত তালাচী চলাই বাছখনত থকা ২৪টা কণ্টেনাৰত উদ্ধাৰ কৰিছে ড্ৰাগছখিনি। ড্ৰাগছ থকা এই কণ্টেনাৰকেইটা সৰবৰাহকাৰীসকলে টিউবেৰে বান্ধি লুকুৱাই আনিছিল। ইতিমোধ্যে আৰক্ষীয়ে বাছখনৰ চালক মজিদুৰ ইচলাম (৩০), হেণ্ডিমেন চহিদ আলী (২৯) আৰু আন দুজন ক্ৰমে মফিজুল হক আৰু ৰবিয়াল মণ্ডলক আটক কৰি ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক ৰুবুলকান্তি পাঠক

You might also like