নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত নৈশবাছত বহিঃৰাজ্যলৈ সৰবৰাহ কৰা ৭ যুৱতীক উদ্ধাৰ

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ অসম তথা উত্তৰ পূবৰ পৰা মানৱ সৰবৰাহৰ এক ভয়ংকৰ নেটৱৰ্ক অব্যাহত থকাৰ তথ্য পোহৰলৈ আহিছে।। বিশেষকৈ অভাবি ঘৰৰ মহিলা, যুৱতী, কিশোৰীৰ পৰিয়ালক প্ৰলোভন দি বহিঃ ৰাজ্যত কাম দিয়াৰ চলেৰে সৰবৰাহ কৰি থকা হৈছে। যোৱা নিশা অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা গুৱাহাটী অভিমুখী AR 01 M 7945 নম্বৰৰ দ্বীপ ট্ৰেভেলছ নামৰ নৈশ বাছ খনৰ পৰা গোপন সূত্ৰৰ পম খেদি যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে যোৰহাটৰ অজন্তা বাইপাছৰ ৰাষ্টীয় ঘাইপথত অভিযান চলাই ৭ গৰাকী যুৱতী কিশোৰী উদ্ধাৰ কৰে। ইয়াৰে কেইবাগৰাকীয়ে কিশোৰী বুলি কোৱা হৈছে।। এগৰাকী মহিলাই যুৱতী কিশোৰী কেইগৰাকী লগত লৈ গৈছিল আৰু গুৱাহাটীৰ এগৰাকী মহিলাই যুৱতী কিশোৰী কেইগৰাকীৰ নৈশ বাছৰ টিকেট কৰি দিছিল। যি গৰাকী মহিলাই যুৱতী কিশোৰী কেইগৰাকী লৈ আহিছিল সেই গৰাকী মহিলাই গুৱাহাটীৰ মহিলা গৰাকীৰ ঘৰত দীঘ দিন কাম কৰি আছিল। গুৱাহাটীৰ মহিলা গৰাকীৰ কন্যা দিল্লীত থকা বুলি কোৱা হৈছে আৰু কন্যাৰ ১০ডিচেম্বৰত অনুষ্ঠিত হব লগা বিয়াত কাম কৰিবৰ বাবে যুৱতী কিশোৰী কেইগৰাকীক ডুমডুমাৰ পৰা লৈ যোৱা বুলি জানিব পৰা গৈছে। কিন্তু সমগ্ৰ বিষয়টোত আৰক্ষীৰ তদন্ত অব্যাহত আছে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে এয়া মানৱ চক্ৰ সৰবৰাহ কাৰীৰ কাম বুলি সন্দেহ কৰিছে।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like