নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাজান বজালনীত চোৰাং গো-ধনসহ আটক দুই সৰবৰাহকাৰী

🔹 জব্দকৃত দুখন বাহনত তিনিখন ভুৱা নম্বৰপ্লেট জব্দ
বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : যোৱানিশা তিনিচুকীয়াৰ নগাজান বজালনীত লাংকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত গো-ধনসহ এখন বাহন জব্দ কৰে ৷ লগতে দুখন চেভ্ৰুলেট বাহনৰ ভিতৰত কেইবাখনো ভুৱা নম্বৰপ্লেটৰ লগতে গো-ধন বন্ধা ৰছী উদ্ধাৰ কৰে আৰক্ষীয়ে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাই সদৰী কৰা অনুসৰি, বাহনকেইখন আৰক্ষীৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাগ্রস্ত হোৱাত আৰক্ষীৰ বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷ পৰৱৰ্তী সময়ত উক্ত বাহনকেইখনত আৰক্ষীয়ে তালাচী চলোৱাত ভিতৰত চোৰাংকৈ সৰবৰাহ কৰি নিয়া অৱস্থাত গো-ধন উদ্ধাৰ কৰে।  জব্দ কৰা চেভ্ৰুলেট বাহন দুখনৰ নম্বৰ  এ এছ-০৬ এইচ-৭০৪৪ আৰু এ এছ-০৬ জি-১৭৪৬ ৷ লগতে বাহনখনত আৰক্ষী তথা প্ৰত্যক্ষদৰ্শীৰ চকুত ধূলি মাৰিবলৈ ব্যৱহাৰ ভুৱা নম্বৰ প্লেট তিনিখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ভুৱা নম্বৰ প্লেটকেইখনৰ নম্বৰ ক্ৰমে এ এছ-০৬ এফ-৫৪৯৪, এ এছ-০৪ এম-৫৬০১ আৰু এ এছ-০৬ এফ-৫৪৯৪ । ইফালে, আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক নিশাই আটক কৰিছে । আটকাধীন ব্যক্তি দুজন ডিব্ৰুগড়ৰ চাউলখোৱা ঘৰবন্দী চুকৰ ২৪ বছৰীয়া ৰুষ্টম আলী আৰু ৩৪ বছৰীয়া ইমৰান আলী । দুয়োকে আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব আৰু অধিক তথ্য ৷
প্ৰেৰক বিবেক বড়া
You might also like