নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰম বজাৰত কিনিবলৈ পোৱা নাযায় : সাংসদ কুইন ওজা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ছাত্ৰ-ছাত্ৰীসকলে ভাল শিক্ষাৰ্থী হোৱাৰ লগতে ভাল মানুহ হবলৈও যত্ন কৰিব লাগে। “কিডনী, হাৰ্ট, লিভাৰ আদি সকলো বজাৰত পোৱা যায় যদিও মৰমহে বজাৰত পোৱা বস্তু নহয়” নগৰবেৰাত আজি দোকুচি আদৰ্শ বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এনে তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই। সমাজত মৰম থাকিলেহে সমাজৰ সুস্থিৰতা বৰ্ত্তি থাকে। কামৰূপ জিলাৰ নগৰবেৰাত আজি হঠাৎ উপস্থিত হৈ কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নগৰবেৰাৰ পলাহৰটাৰীস্থিত দোকুছি আদৰ্শ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ নতুনকৈ শ্ৰেণীকোঠা শুভ উদ্ধোধন কৰে৷ উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক অন্তৰংগ আলাপত মিলিত হয় সাংসদগৰাকী৷ সাংসদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়- ছাত্ৰ-ছাত্ৰীসকলে ভাল শিক্ষাৰ্থী হোৱাৰ লগতে ভাল মানুহ হবলৈ যত্ন কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে সদায় মৰম ভাৱ লৈ অধ্যয়নব্ৰতী হ’ব লাগে। ছাত্ৰ অৱস্থাৰ পৰাই মৰমৰ আদান প্ৰদান থাকিলে সমাজ আপোনাআপুনি সুস্থিৰ হয় আৰু শান্তি-সম্প্ৰীতি বৰ্ত্তি থাকে। দোকুচি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেন বায়নৰ প্ৰচেষ্টা আৰু তৎপৰতাত সম্প্ৰতি ৰাজ্যৰ ভিতৰতে ঈৰ্ষণীয় শৈক্ষিক সফলতা পাবলৈ সক্ষম হোৱা শিক্ষানুষ্ঠান খনৰ আজিৰ এই কাৰ্যসূচীত সাংসদগৰাকী যথেষ্ট সন্তোষ পোৱা বুলিও উল্লেখ কৰে। শিক্ষানুষ্ঠান খনৰ কাৰ্যসূচী শেষ কৰি সাংসদ গৰাকীয়ে নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ পৰিস্থিতিৰো বুজ লোৱাৰ উপৰিও সাংসদ কুইন কুইন ওজাই পোনে পোনে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চিকিৎসালয় খনৰ সমস্যাৰাজিৰো বুজ লয়। চিকিৎসালয়খনৰ সমস্যাসমূহৰ বিষয়ে সাংসদগৰাকীক উপস্থিত সকলোৱে অৱগত কৰাত শীঘ্ৰে সমাধানৰো আশ্বাস দিয়ে৷ সাংসদগৰাকীৰ সৈতে নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি নিগমানন্দ ঠাকুৰীয়া, উপ-সভাপতি প্ৰিয় তালুকদাৰ, সাধাৰণ সম্পাদক দিপাংকৰ দাস, নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধি, দোকুছি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেন বায়ন, নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডা° পুলক কুমাৰ ডেকা আদিৰ উপৰি অঞ্চলটোৰ কেবাগৰাকীকৈ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like