নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মটৰচাইকেল চলাই ধুবুৰীত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

🔴পথ সুৰক্ষা জন আন্দোলনৰ কাৰ্য্যসূচী

🔴ধুবুৰী জিলা আয়ুক্তৰ প্ৰেক্ষাগৃহত পথ সুৰক্ষাক লৈ বিশেষ বৈঠক

🔴ভোলানাথ মহাবিদ্যালয়ত বিশ্ব স্মৃতি দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বিগত দেওবাৰৰ পৰা আৰম্ভ হোৱা পথ সুৰক্ষা জন আন্দোলনৰ অংশ ৰূপে যোৱা নিশা ধুবুৰী জিলাৰ সদৰ বিলাসীপাৰাৰ পৰা স্বয়ং নিজে এখন মটৰ চাইকেল চলাই জিলাখনৰ সদৰ ধুবুৰীত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। নিশাটো আৱৰ্ত ভৱনত কটাই আজি ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্য্যালয় প্ৰেক্ষাগৃহত জিলা আয়ুক্ত দিবাকৰ নাথ, জিলাখনৰ আৰক্ষী অধীক্ষক নবীন সিংকে ধৰি আৰ বিভিন্ন বিভাগৰ মুৰব্বীৰে এক গুৰুত্বপূর্ণ বৈঠকত অংশ মন্ত্ৰী গৰাকীয়ে। বৈঠকখনত বিগত সময়ত ধুবুৰীত সংঘটিত হোৱা দূৰ্ঘটনাৰ কাৰণক লৈ বিশ্লেষণ কৰাৰ ল’গতে পথ সুৰক্ষাৰ বিষয়টোলৈও আলোচনা হয়। পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰী শুক্লবৈদ্যই পথ সুৰক্ষাৰ বিষয়টো লৈ ছাত্ৰ-ছাত্ৰী, কৃষক ৰাইজকে ধৰি সমাজৰ সকলো স্তৰৰ ৰাইজৰ মাজত সজাগতা অনাৰ বাবে পথ সুৰক্ষা জন আন্দোলন কাৰ্য্যসূচী হাতত লোৱা বুলি মন্তব্য কৰে। উপস্থিত সাংবাদিকক বিগত সময়চোৱাত ধুবুৰীত ৯৭ টা দূৰ্ঘটনা সংঘটিত হোৱা বুলি অৱগত কৰে। মটৰ চাইকেল চলোৱাৰ সময়ত হেলমেট পৰিধান কৰা সুৰা সেৱন কৰি চালকৰ আসনত নবহা, নিয়ন্ত্ৰিত গতিত বাহন চলোৱা, মোবাইলত ফোন আহিলে পথৰ দাঁতিত বাহন ৰাখি কথা-বতৰা আদি বিষয়বোৰৰ ওপৰত গুৰুত্ব দিবলৈও অনুৰোধ জনায় তেওঁ। তেখেতে ধুবুৰী জিলাৰ পথ সুৰক্ষা পৰিষদৰ বৈঠক প্ৰতি মাহে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হোৱা বুলিও জনায়। পিছত ধুবুৰীৰ গৌৰীপুৰত আয়োজিত আন এটা কাৰ্যসূচীত অংশ লবলৈ তেওঁ স্বয়ং মটৰ চাইকেল চলাই যাত্ৰা কৰে। উল্লেখ্য যে, ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ত পথ দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ স্মৃতিত আয়োজিত বিশ্ব স্মৃতি দিৱসৰ এক বিশেষ কাৰ্য্যসূচীতো অংশ লয় মন্ত্ৰীগৰাকীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like