নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বাংলাদেশলৈ শিল ৰপ্তানিৰে জড়িত দুজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰীস্থিত জাহাজ ঘাটৰে জলপথেৰে বাংলাদেশলৈ চলি থকা আমদানি-ৰপ্তানিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত থকা দুজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। অৱশ্যে বিষয়টো সন্দৰ্ভে স্পষ্টভাৱে ধুবুৰী আৰক্ষীয়ে একো জনোৱা নাই যদিও দুয়োৰে বিৰূদ্ধে ধন দাবী সন্দৰ্ভীয় ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হোৱা বুলি জানিব পৰা গৈছে। ধৃত সেই দুই ধুবুৰীৰেই জাহিদুল ইছলাম আৰু জাহিদুল আলম বুলি প্ৰকাশ। উল্লেখ্য যে ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত হোৱা ত্ৰিপাক্ষিক এক বুজাবুজি মৰ্মে ধুবুৰীৰ এই নদীবন্দৰটোৰে মূলতঃ চুবুৰীয়া ৰাজ্য ভূটানৰ প্ৰতিষ্ঠানে বৰলুইতেৰে বাংলাদেশৰ চিলমাৰী নদীবন্দৰলৈ শিল প্ৰেৰণ কৰে। ইয়াতে উল্লেখনীয় এয়াও যে বৰ্তমানে ধুবুৰী এই নদী বন্দৰটোৰ লজিষ্টিকৰ কাম-কাজৰ তত্ত্বাৱধানৰ দায়িত্বত আছে A2Z নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান। ইপিনে আগত সময়ত বাংলাদেশৰে আমদানি-আমদানি ৰপ্তানিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ক্ষেত্ৰখনত এই নদী বন্দৰটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। তাৰেই প্ৰেক্ষাপটত নদীবন্দৰটোত নিজৰ আধিপত্য বজাই ৰখাৰ স্বাৰ্থত এটা চক্ৰ সক্ৰিয় হৈ থকাৰ দীৰ্ঘদিনৰ পৰাই এক বু বু-বা বা আছে। অৱশ্যে শেহতীয়াকৈ বৰলুইতৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত ধুবুৰীৰ পঞ্চুঘাটৰ নদী বন্দৰটোৰে বাংলাদেশলৈ চলি থকা শিলৰ ৰপ্তানিৰ গতি পূৰ্বতকৈ বহু পৰিমাণে মন্থৰ হৈ পৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like