নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ নামঘৰ হৈছে অসমীয়া জাতিৰ ডাঙৰ সম্পদ৷ নামঘৰ প্রতিষ্ঠা কৰি মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি ৰখাৰ বাবে যি প্রয়াস কৰিছিল সেয়া আজিও প্রাসংগিক হৈ আছে৷ শংকৰদেৱে নামঘৰক একমাত্র ভগৱানৰ উপসনাৰ স্থলী হিচাপেই ব্যৱহাৰ কৰা নাছিল তেওঁ নামঘৰক যুৱপ্রজন্মক আধ্যাত্মিক জ্ঞান দিয়া, সমাজৰ হাই–কাজিয়া বিচাৰৰ আৰু সমাজৰ নানা জাতি–উপজাতিক এডাল ডোলেৰে বান্ধি ৰখাৰ স্থলী হিচাপে ব্যৱহাৰ কৰিছিল৷ উত্তৰ গুৱাহাটী ঘোঁৰামাৰাৰ শ্রীশ্রী গোপাল নামঘৰৰ নৱনির্মিত ভৱন উদ্ধোধন কৰি বৃহস্পতিবাৰে এইদৰে কয় আউনীআটী সত্রৰ সত্রাধিকাৰ তথা বিশিষ্ট সাহিত্যিক ড০ পীতাম্বৰ দেৱগোস্বামীয়ে৷ সত্রাধিকাৰগৰাকীয়ে কয় যে বর্তমান সমাজখন উচ্ছৃশৃংখল হোৱাৰ মূলতে নৱপ্রজন্মৰ আধ্যাত্মিক জ্ঞানৰ অভাৱ৷ নৱপ্রজন্মক আধ্যাত্মিক জ্ঞান দিব পাৰিলেহে সমাজখন পৰিষ্কাৰ আৰু শৃংখলাবদ্ধ হ’ব৷ তাৰ বাবে নামঘৰলৈ নৱপ্রজন্মক অনাৰ গুৰু দায়িত্ব অসমৰ প্রতিটো নামঘৰৰে৷ তেতিয়াহে সমাজ সুৰক্ষিত হ’ব৷ আনহাতে নামঘৰৰ পৌৰাণিক বান্ধোন এৰা–ধৰা ধৰিলেহে নৱপ্রজন্মক আকর্ষিত কৰিব পাৰিব বুলি সত্রাধিকাৰগৰাকীয়ে মত ব্যক্ত কৰে৷ উত্তৰ গুৱাহাটী ঘোঁৰামাৰা গাঁৱত আটকধুনীয়াকৈ নির্মাণ কৰি উলিওয়া গোপাল নামঘৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিণী দেৱীয়ে৷ উপ–সভানেত্রীগৰাকীয়্ কয় যে সমাজৰ মাতৃ আৰু সন্তানক অধ্যাত্মিক শিক্ষা দিব পাৰিলেহে সমাজ পৰিপাতি হ’ব৷ তাৰ বাবে সমাজৰ সকলোৱে মাতৃ আৰু শিশুক আধ্যাত্মিক জ্ঞান দিয়াত গুৰুত্ব প্রদান কৰিব লাগিব৷ পুৱা ধর্মীয় পৰম্পৰাৰে আৰম্ভ কৰা নৱনির্মিত নামঘৰত মন্ত্র উচ্চাৰণৰে সকলোকে মুগ্ধ কৰে সত্রাধিকাৰ ড০ গোস্বামীয়ে৷ উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ প্রাক্তন প্রধান শিক্ষক চন্দ্রকান্ত দাসৰ পৰিচালনাৰে এটি মাধৱদেৱ বিৰচিত বৰগীতৰে শুভাৰম্ভ কৰা ভৱন উদ্বোধনী অনুষ্ঠানত শিক্ষাবিদ মোহন শইকীয়াই ভাষণ দিয়ে৷ সভাত সভাপতিত্ব কৰে সমাজকর্মী কেশৱ বৰাই ৷ অনুষ্ঠানত সমাজকর্মী হৰিচৰণ দলৈ, দৌলগোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি শচীন ভূঞা, শিক্ষাবিদ প্রদীপ নাথ, ৰজনী ঠাকুৰীয়া, প্রফুল্ল ঠাকুৰীয়া,ৰমেশ ডেকা প্রমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানৰ আঁত ধৰে ৰমেশ ডেকাই৷