নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্চি বৰাৰ ৰহস্যজনক আত্মহত্যা! গ্ৰেপ্তাৰ স্বামী প্ৰণৱ বৰা

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ মাৰ্চি বৰাৰ ৰহস্যজনক আত্মহত্যা। এক মুহুৰ্তৰ বাবেও যেন সকলোকে স্তম্ভিত কৰিছিল খবৰটোৱে। দুমাহ পূৰ্বে বিবাহৰ দৰে পবিত্ৰ বন্ধনত বান্ধ খোৱা মাৰ্চিৰ জীৱনক কি এনেকুৱা ঘটনা সংঘটিত হ’ল যে মাৰ্চিৰ দৰে মৰমলগা কইনাজনীয়ে বাছি ল’লে জীৱনৰ চূড়ান্ত সিদ্ধান্ত? জীৱনৰ সকলো প্ৰত্যাহ্বান হাঁহিমুখে গ্ৰহণ কৰা মাৰ্চিৰ দৰে সাহসী এজনী ছোবালীয়ে নিজকে কেনেকৈ হত্যা কৰিব পাৰে? আত্মহত্যাৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছিল মাৰ্চিৰ পৰিয়ালৰ লগতে সকলো বন্ধুবৰ্গই।

              ১৪ ফেব্ৰুৱাৰীৰ দিনা নিজৰ শোৱনি কোঠাত চিপ লৈ আত্মহত্যা কৰিছিল ন বোৱাৰী মাৰ্চি বৰাই। হাজাৰ সপোন বুকুত বান্ধি জীৱনৰ গছজোপাই পোখা মেলাৰ সময়তে কলিতেই মৰহি গৈছিল একো একোটা সপোনৰ কলি। মাৰ্চিৰ ভগ্ন হৃদয়ৰ বেদনা হয়তু প্ৰেমিক স্বামী প্ৰণৱেও বুজিবলৈ চেষ্টা কৰা নাছিল। কিয় দূৰত্ব বাঢ়িছিল নেকি প্ৰণৱ আৰু মাৰ্চিৰ মাজত? কৰ্মসূত্ৰে মুম্বাইত থকা প্ৰণৱে মাৰ্চিক চলাইছিল নেকি মানসিক অত্যাচাৰ? স্বামীৰ পৰিয়ালৰ পৰা কোনোধৰণৰ অসুবিধা নাই পোৱা বুলি জনোৱা মাৰ্চিয়ে হতাশাজনিত কাৰণত আত্মহত্যা কৰিব পাৰেনে? আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত কোনোধৰণৰ ক্লু বিচাৰি পোৱা নাছিল যদিও বৰ্তমান সমগ্ৰ ঘটনা সোমাই পৰিছে ৰহস্যৰ মাজত।

        মাৰ্চিৰ আত্মহত্যাক সহজভাৱে ল’ৱ পৰা নাই মাৰ্চিৰ মাতৃয়ে। ডকমকা থানাত মাৰ্চিৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ আৰু এজাহাৰৰ ভিত্তিতেই ডকমকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী প্ৰণৱ বৰাক। আৰক্ষীৰ সঠিক তদন্তৰ পিছতেই পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য।

 

You might also like