নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ এটা দিন বাকী । সেই পৰম্পৰা অনুসৰি আজি মাজুলীত ৰাসৰ বৰ আখৰা । সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উপলক্ষে যথেষ্ট উৎসাহ-উদ্দীপনাৰে চলিছে ৰাসৰ আখৰা । মাজুলীৰ স্বাভিমানৰ শাৰদীয় আধ্যাত্মিক ৰাস মহোৎসৱক লৈ বিশেষ তৎপৰ সমগ্ৰ মাজুলীৰ সংস্কৃতিপ্ৰেমী । মাজুলীৰ সত্ৰসমূহৰ লগতে প্ৰায় ৬৫খন ৰাসমঞ্চত শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপনৰ কাৰণে চলিছে নিশাৰ দুপৰলৈকে আখৰা। মাজুলীৰ প্রতিখন ৰাসমঞ্চত বাজিছে খোল, তাল আৰু বাঁহীৰ ভুবন ভুলোৱা সুৰ । প্ৰতিখন মঞ্চত কৃষ্ণৰ লীলা নিখুঁতভাৱে অভিনয় কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সম্পূৰ্ণ আধ্যাত্মিকভাৱে কৃষ্ণ মহাত্মা আৰু গুণানু কীৰ্তন কৰি ৰাস চৰ্চা কৰাত একাত্ম হৈ পৰিছে সকলো। সেই উদ্যমেৰে মাজুলীত সকলো ৰাসমঞ্চই কল্পিত গকুল, মথুৰা, বৃন্দাবন গঢ় দিয়াৰ পৰিকল্পনাৰে সৃষ্টিৰ পাতনি অনন্তশয্যা, কংসৰ ৰাজসভা, বসুদেৱ দৈৱকীৰ বিবাহ, বিবাহ অনুষ্ঠানত কংসৰ ভৱিষ্যত সম্পকে দৈব্য বাণীৰ ঘোষণা, কংসৰ ৰাজসভা, বসুদেৱ দৈৱকীক কংসই অন্ধকাৰ পোতাশালত বন্দী কৰি ৰখা, অন্ধকাৰ কাৰাগাৰত পালি পহৰীয়া নিদ্ৰা যোৱাৰ সময়ত শিলাবৃষ্টি আৰু মেঘৰ গাজনি-ঢেৰেকনিৰ মাজত কাৰাগাৰত দৈৱকীৰ গৰ্ভত পূৰ্ণ ব্ৰহ্ম অৱতাৰস্বৰূপ শ্ৰীকৃষ্ণৰ জন্ম হোৱা, কংসৰ ভয়ত বসুদেৱে ভৰা যমুনা পাৰ হৈ কৃষ্ণক লৈ গকুললৈ যাত্ৰা কৰা আদি সকলো দৃশ্য নিখুঁতভাৱে অভিনয়ৰ মাধ্যমেৰে ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ বাবে প্ৰতিখন মঞ্চই নিজৰ নিজৰ পৰিকল্পনাৰে আগবঢ়া পৰিলক্ষিত হৈছে আৰু সকলো ৰাসমঞ্চই ২৬ নৱেম্বৰৰ সন্ধ্যা সাত বজাৰ লগে লগে এক আধ্যাত্মিক ধ্যান-ধাৰণাৰে মাজুলীক সজাই তুলিব গকুল-মথুৰা-বৃন্দাবনলৈ। মাজুলীত ৰাস পূজা উৎপত্তিৰ ক্ষেত্ৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত ২৫ নৱেম্বৰত সন্ধ্যাৰ অধিবাসী পূজাৰে শুভাৰম্ভ হব ৩৬৯ বছৰীয়া ইতিহাস প্ৰসিদ্ধ ৰাসপূজা উৎসৱ। একেদৰেই মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰই এইবাৰ গৌৰৱোজ্জ্বল সত্ৰ প্ৰতিষ্ঠা আৰু ৰাস উৎসৱৰ ৩৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শ্ৰীশ্ৰী কমলাকান্তদেৱ আতা ক্ষেত্ৰত ৰাস মহোৎসৱৰ প্ৰথম দিনা পুৱা ৩৫০খন ধ্বজা বিশিষ্ট ব্যক্তিৰ দ্বাৰা উৰুওৱাৰ লগতে সন্ধ্যা ৩৫০ গছি বন্তি প্ৰজলন কৰি পালন কৰিব । মাজুলীৰ প্ৰসিদ্ধ গড়মূৰ সত্ৰত প্ৰতিষ্ঠাকালৰ পৰা সত্ৰীয়া পৰম্পৰাৰে ৰাস পূজাৰ লগতে সত্ৰৰ উপাস্য বিগ্ৰহৰ নামকৰণেৰে মাজুলীৰ প্ৰথমখন ৰংগমঞ্চ আৰু অসমত মঞ্চ ৰাসৰ পাতনি মেলা বংশী গোপাল নাটত মন্দিৰত সমাজ সংস্কৰাক সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ বিৰচিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলা মঞ্চস্থ কৰিব । একেদৰেই গড়মূৰ সৰু সত্ৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, শ্ৰীশ্ৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰ খনাচুকত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা সম্পূৰ্ণ মঞ্চায়নৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে । আনহাতে, বৃহত্তৰ গড়মূৰ অঞ্চলৰ পুৰণা সাৰজান পাৰ, নগড়গাঁও, বালিগাঁৱকে ধৰি পাঁচখন গাঁৱৰ ৰাইজে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সমীপত অস্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি ৰাসলীলা অনুষ্ঠিত কৰিব। একেদৰেই কমলাবাৰী অঞ্চলত মাজুলী মিলন সংঘই ঐতিহ্য আৰু পৰম্পৰাৰে ৬৬সংখ্যক ৰাসলীলা, সন্মিলিত শিল্পী সমাজ, সন্মিলিত যুৱ সমন্বয় কৃষ্টি বিকাশ কেন্দ্ৰ, নতুন কমলাবাৰী সত্ৰ আদিত ৰাসলীলা মঞ্চস্থ কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। আনহাতে, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ, উত্তৰ কমলাবাৰী সত্র, ভোগপুৰ সত্ৰ, বেঙেনাআটি সত্ৰ, বিহিমপুৰ সত্ৰ, চামগুৰি সত্ৰ, নৰসিংহ সত্ৰ আদিত দৰ্শকে বিনামূলীয়াকৈ ৰাসলীলা উপভোগ কৰাৰ সমান্তৰালভাৱে ৰাসমঞ্চৰ সমীপত মেলাৰ আয়োজনে দৰ্শকক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰিব । একেদৰেই আইদেউ সন্দিকৈ ৰংঘৰ, বুঢ়াকলিতা কৃষ্টি সংঘ, কামাৰগাঁও ৰূপালী যুৱক সংঘ, কামাৰগাঁও কৃষ্টি কেন্দ্ৰ, টাটায়া মিলিত কৃষ্টি কেন্দ্ৰ, চুমৈ মাৰী কৃষ্টি কেন্দ্ৰ, বনগাঁও ৰংঘৰ, কঢ়হাল গাঁও কৃষ্টি কেন্দ্ৰ, শালমৰা আঞ্চলিক ৰংঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰ, গায়নগাঁও ৰংঘৰ, প’ৰাম আঞ্চলিক কৃষ্টি কেন্দ্ৰ, পকাজৰা আঞ্চলিক কৃষ্টি কেন্দ্ৰ ,পুৰণিবাৰী আঞ্চলিক কৃষ্টি কেন্দ্ৰ, বৰগুৰি কৃষ্টি বিকাশ কেন্দ্ৰ, প্ৰগতি ৰংগমঞ্চ, ৰঙাচাহী নৱজ্যোতি কৃষ্টি কেন্দ্ৰ, ফুলিনী আঞ্চলিক ৰংগমঞ্চ, পহুমৰা আঞ্চলিক কৃষ্টি কেন্দ্ৰ, শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘ, ভকতি দুৱাৰ ৰংগমঞ্চ, মুদৈবিল কৃষ্টি সংঘ, জেংৰাইমুখ ৰংগমঞ্চ, নতুন বজাৰ কৃষ্টি কেন্দ্ৰ, বালিচাপৰি মিলিত কৃষ্টি বিকাশ কেন্দ্ৰ, কাকতিবাৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰ, শেনচোৱা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰ, খাৰজান পাৰ কৃষ্টি সংঘ, গোৱালগাঁও তৰুণ নাট্য সন্মিলন, কৰতিপাৰ আঞ্চলিক কৃষ্টি কেন্দ্ৰ আদি ৰাসমঞ্চসমূহত পাৰ ভাগ আনন্দই বিৰাজ কৰিছে । এই ৰাসমঞ্চসমূহত প্ৰায় ১৫ হাজাৰ শিল্পী, কলাকুশলী দিনে-নিশাই নিজ নিজ কৰ্তব্যত ব্ৰতী হৈ পৰিছে অতি আধ্যাত্মিকভাৱে। ইফালে, মাজুলীৰ জনজাতি মিচিং অধ্যুষিত অঞ্চল জেংৰাইমুখ, চুমৈমাৰী, জকোৱবোৱা, বৰদোৱা আদি অঞ্চলৰ কেইবাখনো ৰাসমঞ্চত মিচিং ভাষাত ৰচিত ৰাসৰ নাট প্ৰদৰ্শনৰ প্ৰস্তুতি চলাইছে। ইফালে, মাজুলীৰ ৰাসমঞ্চসমূহত প্ৰদৰ্শন কৰিবলগীয়া আঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, পুতনা, কালি নাগ আদি মুখা নিৰ্মাণত মাজুলীৰ চামগুৰি সত্ৰকে ধৰি বিভিন্ন স্থানত নিৰ্মাণ কৰাসকলে দিন-ৰাতি একাকাৰ কৰি ৰাসত ব্যৱহাৰ কৰিব পৰাকৈ মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, মাজুলীৰ কেইবাখনো ৰংগমঞ্চত প্ৰথম দুটা ৰজনী ৰাস মঞ্চস্থ কৰাৰ পাছত তৃতীয় দিনা জিৰণি দি চতুৰ্থ দিনা অৰ্থাৎ ২৯ নৱেম্বৰত অন্তিম ৰজনীৰ ৰাস উদযাপন কৰিব। সেই অনুসৰি মাজুলীত ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপিত কৰিব মাজুলীবাসীয়ে । তদুপৰি ৰাস মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন ৰাসমঞ্চই নিজ নিজ দৰ্শনেৰে দৰ্শনাৰ্থীক আদৰিবলৈ প্ৰস্তুত চলোৱাৰ সমান্তৰালভাৱে মাজুলীলৈ আগমনৰ নমাজুলি সংযোগী নিমাতী পাৰঘাটত কেইবাটাও প্ৰতিষ্ঠানে আদৰণী টোৰণ নিৰ্মাণ কৰি অভিনন্দন জ্ঞাপন কৰিছে ।
প্ৰেৰক জীৱন বৰুৱা