নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ কোলাত কন্যা সন্তানক লৈ এজন লোকৰ হিয়া ভঙা কান্দোন। কোলাত ৩ বছৰীয়া সন্তানক লৈ কিয় গোলাঘাটৰ ৰাজপথত কিয় কান্দি কান্দি ঘূৰি ফুৰিছে লোকজনে। এবাৰ যদি গৈছে আৰক্ষী থানালৈ এবাৰ আকৌ সাংবাদিকক লগ কৰিছে অসহায় লোকজনে। এনেকৈ ৰাজপথত কান্দি ফুৰা লোকজনৰ নাম মহম্মদ জামাল।
জামালৰ এটাই দুখ। তেওঁৰ পত্নী আমিনা বেগম সাঁচতীয়া ৫০ হাজাৰ টকাসহ ৫ বছৰীয়া পুত্ৰক লৈ সন্ধানহীন। দিন হাজিৰা কৰি মহম্মদ জামালে অতি কষ্টৰে জমা কৰি থোৱা টকাখিনি লৈ উধাও পত্নী আমিনা বেগম ওৰফে পাকিজা। বিগত চাৰি দিনে পত্নী-পুত্ৰ আৰু নগদ ধনৰ সন্ধান নাপাই দিক-বিদিক হেৰুৱাইছে জামালে।