নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট মিছন হাস্পতালত জঘন্য কাণ্ড.. মৃতদেহৰ পৰা কাঢ়িলে সোণৰ অলংকাৰ

নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ মানৱতাক লজ্জানত কৰা এটা কাণ্ড। মৃতদেহৰ পৰা সোণৰ ফুলি লুট কৰি লৈ যায় নিৰাপত্তাৰক্ষীয়ে। এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ মিছন যোৰহাট মিছন হাস্পতালত । যোৰহাটৰ বাঘচোং অঞ্চলৰ দুলেশ্বৰী বৰা নামৰ এগৰাকী প্ৰায় ৭০ বছৰীয়া মহিলা অসুস্থ হোৱাত বৃহস্পতি বাৰে নিশা প্ৰায় ১১ বজাত যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰা হয় যদিও মহিলা গৰাকীৰ মৃত্যু হয়। মৃত মহিলা গৰাকীক আত্মীয়ই ৰাতিয়েই ঘৰলৈ লৈ যায় আৰু আজি পুৱা যেতিয়া সৎকাৰৰ বাবে ব্যৱস্থা কৰা আগমূহুৰ্তত প্ৰত্যক্ষ কৰে যে মহিলা গৰাকীৰ কাণৰ সোণৰ ফুলিযোৰ নাই। পিছত আত্মীয়ই আজি মিছন হাস্পতালত কৰ্তৃপক্ষক এই সন্দৰ্ভত অভিযোগ কৰে। কৰ্তৃপক্ষই চি চি টি ভিৰ ফুটেজ চাই দেখে যে এজন নিৰাপত্তাৰক্ষীয়ে মহিলা গৰাকীৰ কাণৰ ফুলি যোৰ খুলি ৰাখে। অৱশেষত ডেভিড ভৰদ্বাজ নামৰ নিৰাপত্তাৰক্ষী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

You might also like