ভগৱান শ্রীকৃষ্ণ আৰু ৰাসলীলা
🔹 মৃণালিনী দেৱী
‘কৃষ্ণস্তু ভগৱান স্বয়ম৷’ শ্রীকৃষ্ণ পূর্ণ অৱতাৰ স্বয়ং ভগৱান৷ ঐশ্বর্য–যশস্যা–বীর্য-শ্ৰী-জ্ঞান আৰু বৈৰাগ্য ইত্যাদি ছয় গুণৰ অধিকাৰীগৰাকীয়েই হ’ল ভগৱান শ্রীকৃষ্ণ৷ এওঁ অব্যক্ত–অনাদি–অনন্ত-নিৰ্গুণ-নিৰাকাৰ ৷ পূর্ণব্রহ্ম বিষ্ণুৰ এক অৱতাৰ৷ অসীম শক্তি আৰু তেওঁৰ লীলা–মাহাত্ম্য প্রকাশ কৰি যুগে যুগে জগতত নানাৰূপে আৱির্ভূত হৈ তেওঁ দুষ্টক দমন আৰু সাধু–সন্তক ৰক্ষা কৰি আহিছে৷ অৰাজকতা–অধর্ম–দুৰ্নীতি-অনাচাৰ-ব্যভিচাৰ আদিৰ বিনাশ ঘটাই দানৱৰূপী অসুৰসকলক নিধন কৰি অশুভ শক্তিসমূহক দমন কৰিবলৈ মর্ত্যত নানাভাৱে–নানাৰূপে–নানাযুগে অৱতাৰ ধৰে৷ এইদৰে তেওঁ ভাৰতীয় জীৱন দর্শন–আধ্যাত্মিক চিন্তাধাৰা–সভ্যতা–সংস্কৃতিৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ থাকি সমগ্র ভাৰতবর্ষৰ অখণ্ডতা আৰু শান্তি স্থাপন কৰিবলৈ মহাভাৰতৰ মহানায়কৰ ৰূপত অধিষ্ঠিত হৈছিল৷ কুৰুক্ষেত্র যুদ্ধত পার্থৰ ৰথৰ সাৰথি হৈ তেওঁৰ দ্বাৰা আত্মীয়–স্বজনক নিধন কৰাই এখনি নিকা–সুন্দৰ–সাম্য–মৈত্ৰীৰ সমাজ গঢ়িবলৈ অন্যায়ৰ বিৰুদ্ধে থিয় হৈছিল ৷ এই যুদ্ধ আছিল অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজ৷ শুভশক্তিৰ সহযোগত অশুভ, অপশক্তি পৰাভূত হৈছিল৷ এই যুদ্ধ সমগ্র ভাৰতবর্ষৰ ইতিহাসত আছিল অতি তাৎপর্যপূর্ণ ঘটনা৷ এইদৰে তেওঁ আদর্শ–জীৱন দর্শন, ভাৰতীয় জীৱন আদর্শ, আধ্যাত্মিকতা–সভ্যতা–সংস্কৃতিৰ সৈতে সামঞ্জস্য ৰাখি তেওঁৰ লীলা–মাহাত্ম্যৰে সমগ্র ভাৰতবর্ষখনক শান্তিপূর্ণ–অখণ্ড–প্ৰভাৱশালী দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰিছিল, সেই কথা ভাবিলেই এই পৰমপুৰুষ ভগৱান শ্রীকৃষ্ণৰ ওচৰত আপোনা–আপুনি আন্তৰিক শ্রদ্ধা–ভক্তিত আমাৰ শিৰ নত হৈ পৰে৷
বিশাল বিশ্ব জগতখনৰ পৰিচালিকা শক্তিটোৰ নামেই হ’ল ভগৱান কৃষ্ণ৷ তেৱেঁই সৃষ্টি–স্থিতি–প্রলয়ৰ হেতু৷ তেওঁক আমি চকুৰে দেখা নাপাওঁ৷ অদৃশ্যভাৱে তেওঁ সমস্ত ভূতত বিলীন হৈ আছে৷ হূদয়ৰ আৱেগ–অনুভূতি আৰু অনুভৱৰ মাজেৰেহে আমি তেওঁক উপলব্ধি কৰিব পাৰোঁ৷ সেয়েহে আমি সমস্বৰে গাওঁ–
‘ভাই মুখে বোলে হূদয়ে ধৰা ৰূপ৷
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ৷’
এওঁ দীন দুখঃহাৰী৷ ভকতৰ বন্ধু–পৰম সুহূদ৷ মহাপুৰুষ শংকৰদেৱৰ ধর্মীয় দর্শন মতে ভগৱান শ্রীকৃষ্ণক নামধর্মৰ মাধ্যমেৰেহে পাব পাৰি৷ তেওঁৰ চৰণত শৰণ ল’লেহে আমি তেওঁক সম্পূর্ণভাৱে উপলব্ধি কৰিব পাৰিম৷ উদাহৰণস্বৰূপে পাওঁ–
‘মৎস্য কূর্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম বৰাহ শ্রীৰাম
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্রণাম৷’
মহাপুৰুষ শংকৰদেৱে একশৰণ নামধর্ম প্রচাৰ কৰি তাৰ মাধ্যমেৰে ভগৱান কৃষ্ণক উপলব্ধি কৰাৰ উপায় আমাক দি গৈছে৷ সাম্প্রতিক কালত তপ–জপ–যজ্ঞ আৰু পূজাৰ মাধ্যমেৰে তেওঁক পাবলৈ চেষ্টা কৰাতকৈ নামধর্মৰ মাজেৰে পোৱা পথ সহজ বুলি মতপোষণ কৰিছে৷ নামঘোষাত আমি পাওঁ এইদৰে–
‘হৰিৰ চৰণত শৰণ লৈলো এ’ হৰি নাৰায়ণ৷
মানৱী জনম সম্ফল কৈলো এ’ হৰি নাৰায়ণ…৷’
ভগৱান শ্রীকৃষ্ণৰ শিশু ৰূপটি নানা লীলা–মাহাত্ম্যৰে মহিমামণ্ডিত৷ কীর্ত্তন পুথিত আমি পাইছোঁ যে মাতৃ যশোদাই বলৰাম আৰু গোপশিশুসমূহৰ সৈতে খেলি থাকোঁতে কৃষ্ণই মাটি খোৱা বুলি পুত্রক অভিযোগ কৰোঁতে কৃষ্ণই মাটি খোৱা নাই বুলি প্রমাণ কৰিব খুজিছিল নিজৰ মুখখন আঁ কৰি মেলি দেখুৱায়৷ হঠাৎ মাতৃ যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু তেওঁৰ পুত্র যে সাধাৰণ মানুহ নহয়, পৰমপুৰুষ ভগৱানহে, তেতিয়াই অনুভৱ কৰিব পাৰিছিল৷ আমি কীর্ত্তন পুথিতো এইদৰে পাওঁ–
‘যশোদাৰ সুন্দৰী দেখন্ত পাচে৷
সমস্ত জগত গর্ভত আছে৷’
এইদৰে ভগৱান শ্রীকৃষ্ণৰ শিশুকাল–যুৱকাল আদিৰ বিভিন্ন লীলা অর্থাৎ তেওঁৰ ৰূপ–মাহাত্ম্যৰ ঘটনাৰাশিৰ কথা ভাৰতীয় জাতীয় জীৱনৰ আদর্শৰ সৈতে সম্পূর্ণভাৱে জড়িত হৈ পৰিছিল৷ জীৱক পৰিত্রাণ কৰি পৃথিৱীৰ বুকুত ঘটি থকা অপায়–অমংগল–অপ্রীতি-অসূয়া-যুদ্ধ-বিগ্ৰহ-হিংসা-বিদ্বেষ আদিৰ লগতে নানা অশুভ দানৱ–অসুৰসমূহৰ বিনাশ সাধিবৰ বাবে পৰম ব্রহ্ম বিষ্ণুৰ অৱতাৰ হিচাপে নৰতনু পৰিগ্রহণ কৰি ভাৰতীয় সভ্যতা–সংস্কৃতিৰ প্রাণপুৰুষ হিচাপে প্রকাশিত হৈছে এইগৰাকী পৰমপুৰুষ ভগৱান শ্রীকৃষ্ণ৷
জীৱজগত পৰিচালনাৰ বাবে কর্মত চতুৰ, লীলাত চতুৰ বুদ্ধিসম্পন্ন এই কৰুণাসিন্ধু পৰম ব্রহ্ম ভগৱান শ্রীকৃষ্ণই যুগে যুগে বহুৰূপে পৃথিৱীত জন্মগ্রহণ কৰিছিল৷ তাৰ ভিতৰত নৰতনু ৰূপ ধৰি দ্বাপৰ যুগত জন্মগ্রহণ কৰি অলৌকিক লীলা–মাহাত্ম্যৰে বিষম বাসনাৰ দুর্ভেদ্য প্রাচীৰ ভাঙি জীৱাত্মা আৰু পৰমাত্মাৰ একাত্মতাৰ বীজ ভক্তৰ হূদয়স্থলীত ৰোপণ কৰিছে৷
ৰাসক্রীড়া হৈছে ভগৱান কৃষ্ণৰ লীলা–মাহাত্ম্য, শিশুকালৰ উজ্জ্বল–পৱিত্র আকর্ষণীয় এক জীৱনবৃত্ত৷ য’ত নাই ইন্দ্রিয়ৰ ভোগ–বিলাস৷ আছে মাথোন ৰং–ৰহইচ–আনন্দ–সুখ-শান্তিৰ অমিয়া বোৱা এক অনাবিল উছাহৰ নিজৰাৰ ধাৰা৷ প্রেমময়ী–আনন্দময়ী ব্রজৰ গোপিনীসকলৰ সাত্ত্বিক শুদ্ধ–প্রেমভাব৷ প্রেম হৈছে নির্মল উদ্দীপ্ত ভাস্কৰ৷ ই ইন্দ্রিয় আসক্তিৰ ঊর্ধ্বত৷ প্রেমে কোনোদিন জয়–পৰাজয়–সময়-অসময়-যৌৱন-বাৰ্ধক্যলৈ ভ্রূক্ষেপ নকৰে৷ ইন্দ্রিয়ৰ ভোগ–বিলাস–কাম আদি হৈছে অন্ধতাৰ প্রতীক৷ ইয়াৰ পৰা সমাজত হিংসা–বিদ্বেষ–অবিচাৰ-ব্যভিচাৰ-হত্যা-লুণ্ঠন-ধৰ্ষণ আদি অমানৱীয় কার্যৰ উদ্ভৱ হয়৷ কামনা আৰু প্রেমৰ তাৎপর্য বা প্রভেদ নুবুজিলে ভগৱান শ্রীকৃষ্ণৰ ৰাসক্রীড়াও মেঘে ঢাকি ৰখা চন্দ্রৰ অনুপ শব্দ হৈ থাকিব৷ শাস্ত্রত কোৱা হৈছে–
‘আত্মেন্দ্রীয় প্রীতি বাথতা তাকে বলি কাম৷
কৃষ্ণেন্দ্রীয় প্রীতি ইচ্ছা ধৰে প্রেম নাম৷
অত এৱ কাম প্রেমে বস্তুতঃ অন্তৰ৷
কাম অন্ধতম প্রেম নির্মল ভাস্কৰ৷’
সর্বসাধাৰণ মানুহে ভবাৰ দৰে ভগৱান শ্রীকৃষ্ণৰ ব্রজৰ গোপিনীসকলৰ সৈতে হোৱা প্রেমৰ স্বৰূপ একে নহয়৷ আমি কল্পনা কৰা মতে গোপিনীৰ সৈতে প্রেমৰ সম্পর্ক দেহজো নহয়৷ এক আত্মিক উপলব্ধিহে৷ এই ভাবেৰে গোপিনীসকলৰ সৈতে মিলিত হৈ তেওঁ ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিছিল৷ এই মিলন আছিল তেওঁৰ কামভাব বিবর্জিত৷ জীৱ মানে আত্মা, পৰমাত্মা মানে হ’ল ভগৱান শ্রীকৃষ্ণ৷ আত্মাৰ সৈতে পৰমাত্মাৰ মিলনেই হ’ল ৰাসলীলাৰ মাধুর্যতা বা তাৎপর্য৷ ভগৱান শ্রীকৃষ্ণ আৰু গোপিনীসকলৰ মাজত যি প্রেম–ভালপোৱা–ভক্ত বা মিলনৰ সুখ–দুখ–আনন্দ–ৰং আদিৰ সমাৱেশ ঘটিছিল তাৰ মূলতেই আছিল আধ্যাত্মিক–ধর্মীয় তাৎপর্য৷ কাৰণ ভক্তিৰ মাজেৰেহে ভক্তই ভগৱানক পাব পাৰে৷ অহংভাব মনত লৈ অসৎ ধাৰণাৰে তেওঁক পাব নোৱাৰি৷ শ্রীকৃষ্ণৰ সৈতে গোপিনীসকলে খেলি থাকোঁতে ৰাধাৰ মনত অহংভাব দেখি তেওঁ মাজতে এবাৰ অন্তর্ধান হৈছিল৷ যেতিয়া আকৌ ৰাধাই অহংভাব ত্যাগ কৰি সভক্তিৰে কৃষ্ণৰ চৰণত আত্মসমর্পণ কৰিছিল, তেতিয়াই ভগৱান কৃষ্ণই গোপিনীৰ অন্তৰৰ দুখত সমভাগী হৈ মনৰ কামনা পূৰণ কৰিছিল৷
গোপিনীৰ মনৰ আশা পূৰণার্থে যমুনাৰ পাৰত শৰৎকালৰ মনোমোহা ৰাতি বৃন্দাবনৰ মাজত ৰাসক্রীড়া পাতি মানৱীয় প্রেম–প্রীতি–ভালপোৱাৰ নিদর্শন জগতত দাঙি ধৰিছিল৷ ‘য’ত গোপী ত’ত কৃষ্ণ’ হৈ সকলো গোপিনীৰ সর্বসন্মতিক্রমেহে ৰাসক্রীড়াত মগ্ন হৈছিল৷ আনকি তেওঁ বাৰে বাৰে গোপিনীসকলক সোঁৱৰাই দিছিল তেওঁলোকৰ পতি–পুত্র–শাহু–শহুৰ-দেওৰ-ননদ-ঘৰ-গৃহস্থীৰ কথা৷ পতি–পুত্রৰ দায়িত্ব পালনৰ কথা তেওঁ এইদৰেই সোঁৱৰাই দিছিল–
‘উপপতি সমে ক্রীড়া গৰহিত কর্ম৷
স্বামীৰ শুশ্রূষা কুলস্ত্রীৰ মহাধর্ম৷’
কিন্তু তেওঁলোকে কৃষ্ণৰ কথা নামানি আকৌ তেওঁতে শৰণ লৈ এইদৰে কৈছিল–
‘নালাগে পতি–পুত্র দুখ হেতু৷
হুয়োক প্রসন্ন গডুৰ কেতু৷’
গতিকে আমি ভাবিব পাৰোঁ জানো মাতৃবয়সীয়া গোপিনীসকলে এইদৰে এঘাৰ–বাৰ বছৰীয়া শিশু শ্রীকৃষ্ণৰ প্রেমত আত্মহাৰা হৈ ৰাসমণ্ডলত উপস্থিত হৈ ৰাসক্রীড়া কৰি তাত কাম প্রবৃত্তিত মগ্ন হৈ ইন্দ্রিয় ভোগ ইচ্ছা প্রকাশ কৰিছিল বুলি? আচলতে সেইটো নহয়৷ ভগৱান কৃষ্ণৰ গোপিনীসকলৰ সৈতে হোৱা এই মিলন বা প্রেম হৈছে এক কামনা–বাসনা ৰহিত ভক্তিৰসৰ নিজৰা৷ ইয়াৰ মাজেৰে আমি সর্বনিয়ন্তা বিষ্ণু পৰম ব্রহ্মৰ নৰতনু অৱতাৰ শিশু শ্রীকৃষ্ণই প্রেম ৰসৰ লীলা–মাহাত্ম্যৰে প্রকাশ কৰা মানৱ প্রেম বা ভক্তিৰ নিদর্শনহে পোৱা যায়৷ ৰাসক্রীড়াৰ সময়ত হয়তো ঘৰৰ গোপিনী ঘৰতে আছিল৷ শ্রীকৃষ্ণই যোগমায়াৰ প্রভাৱত ‘য’ত কৃষ্ণ ত’ত গোপী’ হৈ ভক্তি আৰু প্রেমৰ মহিমাৰে আত্মা আৰু পৰমাত্মাৰ মিলনৰ নিদর্শন দাঙি ধৰিছিল৷ আচলতে ভগৱত সাধনাৰ যিকেইটা স্তৰ বা অৱস্থা আছে, এই ৰাসক্রীড়াতেই প্রকটভাৱে মানৱক দেখুওৱা হৈছে৷ আত্মা–পৰমাত্মাৰ মিলন অর্থাৎ প্রকৃতি–পুৰুষৰ লীলা৷ ইয়াত শৃংগাৰ ৰসৰ মাজেৰে গোপিনীসকলৰ হূদয়ত ভক্তিভাবৰ সঞ্চাৰ কৰাই পৰম ব্রহ্ম ভগৱান কৃষ্ণক প্রেম–ভালপোৱাৰ মাজেৰে সমস্ত জগতখনক ভালপোৱাৰ নিদর্শন দেখুৱাই দিয়া হৈছে৷
শৰৎকালৰ পূর্ণিমা ৰাতি শ্রীকৃষ্ণই গোপিনীসকলৰ কাত্যায়নী ব্রতৰ ফল অর্থাৎ শ্রীকৃষ্ণৰ সৈতে মিলিত হোৱাৰ যি একান্ত ইচ্ছা, প্রেম–ভালপোৱা নিবেদনৰ স্পৃহা তাক পূৰণ কৰাৰ বাবে ৰাসক্রীড়া কৰিবলৈ মন কৰিলে৷ কীর্ত্তন পুথিত আমি এইদৰে পাওঁ–
‘শৰৎ কালৰ ৰাত্রি অতি বিতোপন৷
ৰাসক্রীড়া কৰিতে কৃষ্ণৰ হৈল মন…৷’
এইদৰে তেওঁ একান্ত ভক্ত গোপিনীসকলৰ মনৰ আশা পূৰাবৰ বাবে ৰাসক্রীড়া কৰিবলৈ মন কৰি অলৌকিক যোগমায়াৰে শাৰদীয় স্নিগ্ধ জোনৰ পোহৰত মধুৰ বংশী ধ্বনিৰে অতি লোভনীয়–মোহনীয়–আকৰ্ষণীয় পৰিৱেশ গঢ়ি তুলি কামাতুৰা গোপিনীসকলৰ মন হৰণ কৰি প্রাণ উতলা কৰি তোলে৷
যমুনাৰ পাৰত শ্রীকৃষ্ণই বজোৱা মোহন বংশীৰ ধ্বনিত উত্রাৱল হৈ গোপিনীসকলে নিজৰ লাজ–মান–ভয়–শংকা-কৰ্তব্য-পতি-পুত্ৰ-ঘৰ-গৃহস্থীৰ দয়া–মায়া–স্নেহ–মমতা সকলো কাতি কৰি থৈ কেৱল মাথোন মদন মোহন প্রভু শ্রীকৃষ্ণৰ চৰণ যুগলত শৰণ লোৱাৰ বাবে যমুনাৰ পাৰলৈ ঢাপলি মেলিলে৷ গোপিনীসকল এনেধৰণে উত্রাৱল হৈছিল যেন চকুৰ পচাৰতে শ্রীকৃষ্ণৰ সান্নিধ্য লাভ কৰিব৷ তেওঁলোক এনে বিয়াকুল হৈ পৰিছিল যে ক’ব নোৱৰাকৈয়ে খপ–জপ কৰোঁতে নিজৰ ভৰিৰ নূপুৰ হাতত আৰু ডিঙিৰ হাৰ কঁকালত আনকি বস্ত্র পৰিধানতো খেলিমেলি অৱস্থাৰে যমুনাৰ পাৰ পাইছিলগৈ৷ মহাপুৰুষ শংকৰদেৱে কীর্ত্তন পুথিত কোৱাৰ দৰে–
‘হাতৰ নূপুৰ আৰৈ কংকালৰ হাৰ৷
কৰি বিপর্যয় পিন্ধে বস্ত্র অলংকাৰ৷’
এনেদৰে শ্রীকৃষ্ণৰ ওচৰলৈ যোৱা গোপিনীসকলক তেওঁ ঘৰ–গৃহস্থালি–পতি–পুত্ৰৰ প্রতি থকা কর্তব্যৰ কথা সোঁৱৰাই দি ঘৰলৈ উভতি যাবলৈ সোঁৱৰাই দি তেওঁৰ প্রতি অচলা ভক্তি–প্রেম–ভালপোৱা আদি নিখুঁত তাক পৰীক্ষা কৰি চাইছিল৷ আনকি ঘোৰ ৰাতি ভূত–প্রেত আদিৰ ভয় দেখায়ো সাংসাৰিক জীৱনৰ কথা সোঁৱৰাই দি ভক্তিৰ পৰীক্ষা কৰি কৈছিল এইদৰে–
‘দুর্ঘোৰ ৰজনী প্রেত–পিশাচৰ গতি৷
এত নাথাকিবা পৰি তোৰা সবস্ত্রীমতি৷’
এইদৰে ভগৱান শ্রীকৃষ্ণই গোপিনীসকলক গৃহস্থী ধর্মৰ কথা সোঁৱৰাই দি নিজৰ স্বামী থাকোঁতে আন পতিৰ সৈতে ক্রীড়া কৰাটো যে কেনে নিন্দনীয় আৰু গর্হিত কাম আৰু স্বামী শুশ্রূষাই যে নাৰীৰ প্রকৃত ধর্ম ইয়াকো বুজাই দিবলৈ পাহৰা নাছিল৷ তেওঁ বাৰে বাৰে যমুনাৰ পাৰত তেওঁৰ সৈতে ক্রীড়া কৰি থাকোঁতে তেওঁলোকক ঘৰলৈ উভতি যাবলৈ দি মানৱীয় দৃষ্টিভংগীৰ কথাকে সোঁৱৰাই দিছে–
‘উপপতি সমে ক্রীড়াগৰিহত কর্ম৷
স্বামীৰ শুশ্রূষা কুলস্ত্রীৰ মহাধর্ম৷’
শ্রীকৃষ্ণৰ সৈতে যেতিয়া গোপিনীসকলে ক্রীড়াত মগ্ন হৈ আছিল, তেতিয়া তেওঁলোকৰ মনত এক অহংভাবে ক্রিয়া কৰিছিল৷ কৃষ্ণ অন্তর্যামী৷ মনৰ অহংভাবৰ কথা তেওঁ ধৰিব পাৰি তাৰ দর্পচূর্ণ আৰু ভক্তিৰ প্রমাণ কৰিবৰ বাবে হঠাৎ ৰাসমণ্ডলৰ পৰা তেওঁ অন্তর্ধান হ’ল৷ তেতিয়া গোপিনীসকলে কৃষ্ণক বিচাৰি নাপাই বিয়াকুল হৈ মর্মবেদনাত ভাঙি পৰিল৷ শ্রীকৃষ্ণৰ গুণানুকীর্তন কৰি গোপিনীসকলে বৃন্দাবনৰ মাজত শ্রীকৃষ্ণক বিচাৰি ফুৰিবলৈ ধৰিলে৷ কৃষ্ণক হাততে পায়ো থিতাতে হেৰাই যোৱা বুলি বিয়াকুল হৈ বৃন্দাবনৰ গছ–গছনি–চৰাই–চিৰিকটি-জীৱ-জন্তু আদিকো কৃষ্ণৰ কথা সুধি সুধি হাবাথুৰি খাবলৈ ধৰিলে৷ বধজ–ব্রজ-অংকুশ–চিহ্নযুক্ত কৃষ্ণৰ খোজৰ লগত আন এজনী গোপিনীৰ খোজৰ চিহ্ণ দেখি নিজৰ কিবা দোষ হোৱা বুলি অনুতপ্ত হৈ সেই খোজ অনুসৰণ কৰি গৈ থাকোঁতে হঠাতে নিজৰ মুখেৰে অজ্ঞানবশতঃ নিজে কৰা ভুলৰ বাবে তেওঁলোকক কেনেকৈ কৃষ্ণই এৰি থৈ গ’ল তাকে বর্ণাই আত্মসমালোচনা কৰি অন্তৰ মর্মাহত হৈ উঠিল৷
পিছত গোপিনীসকলৰ কাতৰ প্রার্থনাত ভগৱান শ্রীকৃষ্ণ সন্তুষ্ট হৈ পুনৰ মহাৰাসক্রীড়াত মগ্ন হৈ পৰিল৷ সঁচাকৈয়ে গোপিনীসকলে শ্রীকৃষ্ণক বৈকুণ্ঠৰ পতি বা লক্ষ্মীপতি বুলি ভাবি মনত গভীৰ শ্রদ্ধা–ভক্তিৰ ভাব লৈ তেওঁৰ প্রতি অনুৰক্ত হৈ পৰিছিল৷ তেওঁলোকৰ মনত উপলব্ধি হৈছিল যে শ্রীকৃষ্ণ পূর্ণব্রহ্ম–সনাতন-ৰসৰ সাগৰ বা স্বৰূপ৷ ৰসৰাজ পৰম ব্রহ্মক পোৱাৰ বাবে শৰৎকালৰ শাৰদীয় পূর্ণিমা ৰাতিৰ জোনৰ স্নিগ্ধ পোহৰত অনুষ্ঠিত হোৱা সচ্চিদানন্দ শ্রীকৃষ্ণৰ সেই ক্রীড়াক বিশেষকৈ ‘ৰাস’ বুলি কোৱা হয়৷ ৰাস হৈছে এই বিশাল বিশ্ব জগতৰ অতি পৱিত্র আধ্যাত্মিক–ভক্তিভাবপূৰ্ণ প্রেম–ভালপোৱাৰ আনন্দময় এক সুন্দৰ ক্রীড়াবিশেষ৷
ৰসেই পৰম ব্রহ্ম৷ সেই পৰম ব্রহ্মই গছ–লতা–তৰু–তৃণ আৰু ঔষধি দ্রব্যসমূহত ৰস ৰূপেৰে অৱস্থান কৰে৷ ‘ৰস্যতে অনেন ইতি ৰসঃ’৷ অর্থাৎ যাৰ দ্বাৰা জিভাত আস্বাদ লোৱা হয়, সিয়ে হৈছে ৰস৷ এই ৰসেই হ’ল ব্রহ্মা অথবা প্রাণ৷
ৰস উপলব্ধি কৰাৰ বাবেই ৰাসৰ প্রসংগ৷ জীৱজগত উদ্বাউল হৈ পৰে ৰস উপলব্ধিৰ বাবে৷ আমি আমাৰ ব্যৱহাৰিক জীৱনৰ ব্যাকুলতা লক্ষ্য কৰি তাৰ কাৰণ অনুসন্ধান কৰি চালে বুজি পোৱা যায় যে আমাৰ কিবা অভাৱ বা অপূর্ণতা আছে৷ আমি তাকে দূৰ কৰিবলৈ যাওঁতে যি বৈদিক পন্থা লওঁ, ঠিক তেনেদৰে এই বিশ্ব জগতখনৰো যদি কিবা অপূর্ণতা আছে, তাৰো পূর্ণতা আনিবলৈ ভগৱান স্বয়ং আগবাঢ়ি আহে৷ কাৰণ, পূর্ণতাৰ উপলব্ধিতহে মনৰ আনন্দ৷ আকৌ আনন্দ উপভোগ কৰিবলৈ আত্মাৰ সৈতে মিলন হ’ব লাগিব৷ পৰম ব্রহ্ম বা পৰমাত্মা হৈছে পূর্ণ আৰু অখণ্ড৷ গতিকে ৰস উপলব্ধিৰ প্রয়োজন নহয়৷ কিন্তু আত্মা আৰু জীৱাত্মাৰ মিলনৰ পূর্ণতাৰ বাবে ৰস উপলব্ধিৰ বা আনন্দ উপভোগৰ প্রয়োজন হৈ পৰে৷
আনন্দ উপভোগ কৰিবলৈ হ’লে আত্মাৰ প্রয়োজন৷ আত্মা ৰূপত সসীম আৰু পৰমাত্মা ৰূপত অসীম বুলি কোৱা হয়৷ অর্থাৎ যিগৰাকী আনন্দময় সচ্চিদানন্দ তেৱেঁই হ’ল আনন্দৰ মূর্তিমান প্রকাশ শ্রীকৃষ্ণ ভগৱান৷ আনন্দ আৰু প্রেম অভিন্ন৷ য’তেই আনন্দ তাতেই থাকে প্রেম৷ গতিকে ভগৱান শ্রীকৃষ্ণক যদি আনন্দ বুলি ধৰা যায়, তেনেহ’লে প্রেম হ’ল ৰাধা৷ প্রেমৰ উৎপত্তি হয় শুদ্ধ ভক্তিৰ পৰা৷
আনন্দৰ সৈতে প্রেমৰ যি ধৰণৰ সম্বন্ধ, ঠিক তেনেদৰে ভগৱান শ্রীকৃষ্ণৰ সৈতে ৰাধাৰ সম্বন্ধও তেনে ধৰণৰ৷ ৰাধা হৈছে কৃষ্ণৰ হ্লাদিনী শক্তি৷ সেয়েহে ৰাধা অবিহনে ৰাসক্রীড়া অসম্পূর্ণ৷ লীলা আৰু ৰাসময় শ্রীকৃষ্ণ প্রেমৰ অধীন৷ তেওঁ সদায় প্রেম ক্রীড়ানুৰক্ত হৈ নিজৰ স্থিতিশক্তি বা যোগমায়াৰ প্রভাৱত স্ব–প্রতিবিম্বৰ নিচিনা নিজ শৰীৰ সমুদ্ভৱা ব্রজসুন্দৰী গোপিনীসকলৰ সৈতে আনন্দ ৰস উপভোগ কৰে৷ শিশুসকলে যিদৰে নিজৰ ছাঁটোৰ সৈতে খেলা–ধূলা কৰে, ঠিক তেনেদৰে কৃষ্ণয়ো ব্রজসুন্দৰী গোপিনীসকলৰ সৈতে আনন্দ উপভোগ কৰে৷ কাৰণ, তেওঁলোক স্বয়ং তেওঁৰেই প্রতিবিম্ব৷
ৰাধা হৈছে শান্ত–দাস্য–সখ্য–বাৎসল্য তথা মাধুর্য প্রেমৰ সমষ্টি৷ তেওঁ সচ্চিদানন্দ ভগৱান শ্রীকৃষ্ণৰ ৰমণ ইচ্ছাৰ ফলত উদ্ভৱ হোৱা দুটি অংশৰ এভাগ৷ সোঁভাগ হৈছে শ্রীকৃষ্ণ আৰু বাঁমভাগ হৈছে ৰাধা৷ এইগৰাকী ৰাধাকে প্রমুখ্য কৰি শ্রীকৃষ্ণ শৰীৰ সমুদ্ভৱা সহস্র গোপিনীক লগত লৈ শ্রীকৃষ্ণই ৰাসক্রীড়া সম্পন্ন কৰিছিল শৰৎকালৰ শাৰদীয় পূর্ণিমা ৰাতি বৃন্দাবনৰ যমুনাৰ পাৰত৷ গোপিনীসকলে শ্রীকৃষ্ণৰ বাহু বন্ধনৰ পৰা ওলাই আহিব বিচৰা নাছিল৷ সেই ইচ্ছালৈ লক্ষ্য ৰাখি তেওঁ এজনী এজনীকৈ তেওঁলোকৰ মাজতে থাকি গোলাকাৰ আকৃতিত প্রত্যেকৰে হাতত ধৰি ধৰি নৃত্য কৰিছিল৷ ৰাসলীলা কৰি থাকোঁতে সকলোৱে শ্রীকৃষ্ণৰ স্তুতি গীত গাইছিল৷ আন আন ভক্তিপ্রাণা গোপিনীসকলেও আকুল প্রার্থনা জনাইছিল৷ এয়া ভগৱান শ্রীকৃষ্ণৰ অপূর্ব লীলাৰ প্রকাশ ৰাসক্রীড়াত–
‘য’ত গোপী ত’তে কৃষ্ণ হুয়া কৰি ক্রীড়া৷
সমস্তে গুচাইল গোপীকাৰ কাম পীড়া৷’
এই ৰাসক্রীড়া ভক্তি–প্রেমৰ নির্মল–আধ্যাত্মিকতাৰ নিদর্শন আছিল, আনকি নিজৰ স্বামীসকলেও গোপিনীসকলক কোনো অসূয়া কৰা নাছিল৷ সেয়েহে ৰাস যে কামনা–বাসনাৰ বিষয় নহয়, তাৰ সমুজ্জ্বল দৃষ্টান্ত এইটোৱে৷
ভগৱান শ্রীকৃষ্ণৰ এই মধুৰ ৰাসলীলা চাবলৈ সৰগৰ দেৱগণেও অপ্সৰা সহিতে গন্ধর্বসকল বিমানযোগে নামি আহি উপভোগ কৰিছিল৷ গোপিনীসকল ৰাসক্রীড়া কৰি ক্লান্ত৷ জগতৰ সর্বময়কর্তা পৰমপুৰুষ ভগৱান শ্রীকৃষ্ণৰ পৰিচালনাতে এই বিশ্ব জগত প্রৱাহিত হৈ আছে৷ গতিকে হিংসা–অপ্রীতি–অসূয়াই আগুৰি ধৰি বিষাক্ত কৰা আমাৰ দেশ, সমাজ তথা জাতিক ৰক্ষা কৰিবলৈ আমাক লাগিব পৰমপুৰুষ ৰসময়–লীলাময় ভগৱান শ্রীকৃষ্ণৰ সদিচ্ছা, কৰুণা আৰু আশীর্বাদ৷ সেয়েহে সমগ্র মানৱ জাতিয়ে শ্রীকৃষ্ণত শৰণ হৈ ঐকান্তিক ভক্তিৰে তেওঁক পুনৰবাৰ মর্ত্যভূমি তথা ভাৰতবর্ষত জনম ল’বলৈ আকুল প্রার্থনা জনাব লাগিব৷ এয়াই হ’ব আমাৰ এই যান্ত্রিক যুগৰ মুখ্য আহ্বান৷
লেখক অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি