নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুগাশিল্পলৈ আশাৰ বতৰা কঢ়িয়াইছে ঢকুৱাখনাৰ মুগাপালকে

🔹 উৎপাদন বৃদ্ধি হৈছে মুগাৰ

🔹 ২০২২-২৩ বৰ্ষত ২৬১ মেট্ৰিক টন মুগা উৎপাদন অসমত

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : নিৰাশাৰ মাজতো আশাৰ খবৰ। ৰাজ্যৰ ৰেচম ক্ষেত্ৰলৈ আশাৰ ৰেঙনি। উৎপাদন বৃদ্ধি হৈছে অসম তথা অসমীয়াৰ গৌৰৱ মুগাৰ। জলবায়ু পৰিৱৰ্তনক প্ৰত্যাহ্বান জনাই নিৰাশাৰ মাজতো ঢকুৱাখনাৰ কৃষকে কঢ়িয়াই আনিছে আশাৰ বতৰা। ঠন ধৰি উঠিছে পুনৰ ঢকুৱাখনাৰ মুগাশিল্পই। সোণালী সূতাৰ দেশ অসম। অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, ঐতিহ্য গৌৰৱৰ বাহক মুগাশিল্প। মুগা অসম আৰু অসমীয়াৰ বাবে এক উদ্যোগ বা জীৱিকাৰ উৎসই নহয়, ই অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনতো যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। কৃষিভিত্তিক ৰাজ্য অসমে বিশ্বৰ বজাৰত পৰিচয় দাঙি ধৰিবলৈ নি:সন্দেহে সম্ভৱ হৈছে মুগাশিল্পৰ বাবে। বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মুগাশিল্পই বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। লগতে মুগাৰ পৰা উৎপাদিত সোণালী সূতাৰে প্ৰস্তুত কৰা কাপোৰ কেৱল দেশৰ বজাৰতে নহয়, বিদেশতো বজাৰ দখল কৰি ৰেচম শিল্পৰ গৌৰৱ বৃদ্ধি কৰিছে। বিশ্ববিখ্যাত মুগা উৎপাদনৰ অভিকেন্দ্ৰ হৈছে ঢকুৱাখনা মহকুমা। সোণালী সূতাৰ দেশ হিচাপে খ্যাত ঢকুৱাখনাৰ শ শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয়, টনকিয়াল কৰি আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি। ঢকুৱাখনাৰ প্ৰায় ১০ হাজাৰ লোক জড়িত হৈ আছে মুগা পালনত। ৰাজ্যৰ ভিতৰতে প্ৰায় ৭০ শতাংশ মুগা উৎপাদনেৰে ঢকুৱাখনা মহকুমাই একচেটিয়া স্থান দখল কৰি আহিছে। সম্প্ৰতি জলবায়ু পৰিৱৰ্তন, খৰাং বতৰ আদি বিভিন্ন কাৰকে বিশ্ববাসীৰ আশ্চৰ্য আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু এই মুগাশিল্প সন্মুখীন হ’বলগীয়া হৈছিল ভয়াৱহ সংকটৰ। উদ্বেগজনকভাৱে হ্ৰাস পাইছিল মুগাৰ উৎপাদন। বিশেষকৈ দ্ৰুত জলবায়ু প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, খৰাং বতৰৰ লগতে বিয়াগোম ৰেচম বিভাগৰ উদাসিনতাই মুগা উদ্যোগলৈ ভাবুকি কঢ়িয়াই আনিছে। তদুপৰি মুগা পলুৰ মাজত দেখা দিয়া অচিন ৰোগ, প্ৰাকৃতিক দুৰ্যোগ আৰু চৰকাৰী অৱহেলা আদিৰ বাবেও ঢকুৱাখনাৰ মুগাশিল্পই গভীৰ সংকটৰ মাজলৈ গতি কৰিছিল। গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় শ শ মুগাপালক। কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ ৰেচম ক্ষেত্ৰলৈ আহিছে এক আশাৰ ৰেঙণি। জলবায়ু পৰিৱৰ্তন, সীমাহীন সমস্যাকো প্ৰত্যাহ্বান জনাই নিৰাশাৰ মাজতো ঢকুৱাখনাৰ কৃষকে কঢ়িয়াই আনিছে আশাৰ বতৰা। পুনৰবাৰ ঠন ধৰি উঠিছে ঢকুৱাখনাৰ মুগাশিল্পই। উৎপাদন বৃদ্ধি হৈছে অসমীয়াৰ গৌৰৱ মুগাৰ। চৰকাৰৰ বিয়াগোম ৰেচম বিভাগৰ সহায়-সহযোগিতাৰ অবিহনেই মুগা পলনত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ মুগাপালকসকল। মুগা পালনেৰে শ শ মুগাপালকে ৰচিছে সোণসেৰীয়া সপোন। দিন-ৰাতি একাকাৰ কৰি মুগা চোমনিত মুগা পালনত ব্যস্ত হৈ পৰিছে শ শ মুগাপালক। যি সময়ত ৰাজ্যৰ মুগাপালকসকলে পৰ্যাপ্ত পৰিমাণৰ মুগা উৎপাদন কৰিব নোৱাৰি হতাশাগ্ৰস্ত হৈ পৰিছ, তেনে সময়তে পুনৰবাৰ ৰাজ্যৰ ৰেচম ক্ষেত্ৰ অৰ্থাৎ মুগাশিল্পলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ঢকুৱাখনাৰ মুগাপালকে। চৰকাৰী পৰিসংখ্যা মতে অসমত ২০১৮-২০১৯ বৰ্ষত ২৩৩ মেট্ৰিক টন মুগা উৎপাদনৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ২৪১ মেট্ৰিক টন, ২০২০-২১ বৰ্ষত ২৩৯ মেট্ৰিক টন, ২০২১-২২ বৰ্ষত ২৫৫ মেট্ৰিক টন উৎপাদন হৈছিল।কিন্ত ইয়াৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ২৬১ মেট্ৰিক টনলৈ মুগা উৎপাদন বৃদ্ধি পায়। মুগা উৎপাদন বৃদ্ধিৰ আঁৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে ঢকুৱাখনাৰ মুগাপালকসকলেই। ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱনা থকা মুগাশিল্পক জীয়াই ৰখা এইসকল মুগাপালকক চৰকাৰ অথবা ৰাজ্যৰ ৰেচম বিভাগে বিভাগীয়ভাৱে সহায়-সহযোগিতা আগবঢ়ালে প্ৰচুৰ সম্ভাৱনাময় ৰাজ্যৰ ৰেচম ক্ষেত্ৰখনে নিশ্চয়কৈ অধিক গতিশীলতা লাভ কৰাৰ লগতে অসমৰ মুগাশিল্পয়ো বিশ্বত সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like