নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে ওৰেনিশা টঙিঘৰত এক দম্পতী

🔹 প্ৰকৃতিপ্ৰেমী সংগঠন “হাতীবন্ধু”ৰ পৰিকল্পনাৰ সফল ৰূপায়ণৰ প্ৰচেষ্টা

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : এটি পাহাৰতলীয়া টঙিঘৰ। নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী নিৰ্জন স্থানত থকা টঙিটোত বিগত এমাহ ধৰি বাহৰ পাতি আছে এক দম্পতীয়ে। নিশা হ’লেই টঙিটোৰ তলৰ পথাৰত বিচৰণ কৰে খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা নামি অহা জাক জাক বনৰীয়া হাতীয়ে। তথাপি যেন কোনো শংকা নাই দম্পতীৰ মনত। তাৰ পৰিৱৰ্তে ওৰেনিশা টঙিটোৰ পৰাই দুয়োৱে নিৰীক্ষণ কৰে বনৰীয়া হাতীৰ জাকসমূহ। যাতে বন্যহস্তীৰ জাকসমূহ ভৈয়ামৰ পথাৰলৈ নামি গৈ দুখীয়া কৃষক ৰাইজৰ খেতি তহিলং কৰিব নোৱাৰে, তাৰে বাবে তেওঁলোকে চলাইছে এই প্ৰচেষ্টা। এই দম্পতীটো হৈছে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰা আৰু তেওঁৰ পত্নী মেঘ্নাময়ূৰ হাজৰিকা। দুয়ো বিগত প্ৰায় এমাহ ধৰি এটি টঙিঘৰত ওৰেনিশা উজাগৰে থাকি সফল ৰূপায়ণৰ প্ৰচেষ্টা কৰিছে হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ বাবে “হাতীবন্ধু”-এ হাতত লোৱা ব্যতিক্ৰমী পৰিকল্পনাটি। নিতৌ সূৰ্যাস্তৰ পূৰ্বেই পথাৰৰ দাঁতিত সাজি লোৱা টঙিঘৰটোত উঠি পুৱা পৰ্য্যন্ত শতাধিক বন্যহস্তীৰ মাজত কটায় দুয়ো। হস্তী-মানৱৰ সংঘাত ৰোধৰ বাবে সকলো দুখ-কষ্ট-ত্যাগ যেন হাঁহিমুখে মূৰ পাতি লৈছে হাতীক নি:স্বাৰ্থভাৱে ভালপোৱা দুলু-মেঘ্নাই। উল্লেখযোগ্য যে বিগত পাঁচ বছৰ ধৰি নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাং গাঁৱৰ পথাৰত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত বিনোদ দুলু বৰাৰ নেতৃত্বত তথা স্থানীয় গাঁওবাসীৰ সহযোগত বন্যহস্তীৰ বাবে “হাতীবন্ধু” নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে কৰি আহিছে কৃষিকাৰ্য।

প্ৰেৰক মানৱ বৰা

You might also like