নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালাকুৰাত আক্ৰাছু নেতাৰ কিশোৰীক অশালীন ব্যৱহাৰ

🔹 অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াত আৰক্ষী থানা ঘেৰাও
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : ধুবুৰী জিলাৰ হালাকুৰাত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক অপদস্থ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আনকি আক্ৰাছু নেতাগৰাকীৰ জঘন্য কান্ডক লৈ ক্ষুব্ধ ৰাইজে ঘাইপথ অৱৰোধ কৰাৰ লগতে হালাকুৰা আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে । অভিযোগ মতে, হালাকুৰা আক্ৰাছুৰ আঞ্চলিক সভাপতি নৰেশ চন্দ্ৰ ৰায় ওৰফে পাইঙাই কালি আবেলি তেওঁৰ নিজৰ হোটেলত নাবালিকা ছাত্ৰীগৰাকীক অপদস্থ কৰে । হালাকুৰা জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে  টিউচন কৰি ঘৰলৈ যোৱাৰ সময়তে ঘটনাটো সংঘটিত হয় যদিও ঘটনাটো আন এগৰাকী ছাত্ৰই দেখা পায় । পিছত ছাত্ৰগৰাকীয়ে দুই-এজনক ঘটনাটো অৱগত কৰাত স্থানীয় ৰাইজে গোট খাই নৰেশক উত্তম-মধ্যম দি হালাকুৰা আৰক্ষীক  ছাত্ৰ নেতাগৰাকীক চমজাই দিয়ে। কিন্তু হালাকুৰা আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ নেতাগৰাকীক ৰক্ষণাবেক্ষণ দিয়াত শতাধিক লোকে হালাকুৰা আৰক্ষী চকী ঘেৰাও কৰে । ইয়াৰ উপৰি হালাকুৰা আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি আৰক্ষী চকীৰ সম্মুখতে ১৭নং ঘাইপথ অৱৰোধ কৰে ।পিছত আৰক্ষী চক্ৰ বিষয়া, গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতা, আগমনি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি মিলি উপস্থিত হৈ ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । যাৰ বাবে প্ৰায় এক ঘন্টা ধৰি হালাকুৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । অৱশ্যে  আঞ্চলিক আক্ৰাছুৰ সভাপতি নৰেশ চন্দ্ৰ ৰায়ে অত্যধিক মদ্যপান কৰি ছাত্ৰীগৰাকীৰ গোপন স্থানত হাত দিয়ে বুলি আন একাংশই অভিযোগ কৰে । ইপিনে, নৰেশ ৰায়ৰ লগত আৰক্ষী চকীটোৰ আৰক্ষী কনিষ্টবল হেমেন ৰায়েও মদ্যপান কৰা বুলি হেমেনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাত তেওঁক আজি ৰিজাৰ্ভ ক্লজ কৰে বিভাগে । আক্ৰাছু নেতা নৰেশ ৰায়ক সাময়িকভাৱে দলৰ পৰা অব্যাহতি দি ঘটনাৰ উচিত তদন্তৰ দাবী জনায় জিলা আক্ৰাছুৰ সভাপতি মুকুল ৰায়ে । মুকুল ৰায়ে আজি আগমনিত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই ঘোষণা কৰে । আনকি নৰেশ ৰায়ে ষড়যন্ত্রৰ বলি হ’ল বুলি মন্তব্য কৰে ।

 

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like