এনআৰচিত বিদেশীৰ তথ্য বিচাৰি ডিচিলৈ পত্র
নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ তৎপৰতাঃ বাদ পৰিব সন্দেহযুক্ত লোকৰ নাম
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ বহু সন্দেহজনক তথা অবৈধ লোকৰ নাম অন্তর্ভুক্ত কৰি প্রস্তুত কৰা হৈছিল এন আৰ চি৷ বিগত বর্ষৰ ৩১ আগষ্টত এন আৰ চি প্রকাশৰ পিছতে উত্থাপিত এনে অভিযোগ যে ভিত্তিহীন নাছিল, সেয়া শেহতীয়াকৈ উন্মোচিত হৈছে৷ উল্লেখ্য যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই অলপতে প্রতিখন জিলাৰ উপায়ুক্তলৈ প্রেৰণ কৰা পত্রত এই তথ্য পোহৰলৈ অহাই
নহয়, এন আৰ চি পুনৰীক্ষণৰ প্রয়োজনীয়তা পুনৰবাৰ প্রতিপন্ন কৰিলে৷ ৰাজ্যিক সমন্বয়ক দেৱশর্মাই যোৱা বুধবাৰে জিলা উপায়ুক্তলৈ এছপিএমইউ/এনআৰচি/জিআইএছ/৭০/২০১৫/৩৫১ নম্বৰত এক পত্র প্রেৰণ কৰি স্পষ্টভাৱে উল্লেখ কৰিছে যে ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশ হোৱা এন আৰ চিত বহু অবৈধ নাগৰিকৰ নাম অন্তর্ভুক্ত হৈছে৷ ইয়াৰ অধিকাংশই ‘ডি’ ভোটাৰ, সন্দেহজনক বিদেশী আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা লোক৷ এই লোকসকলৰ নামৰ তালিকা ভাৰতৰ মহাপঞ্জীয়কলৈ প্রেৰণ কৰা হ’ব৷ উক্ত পত্রযোগে ২০ ফেব্রুৱাৰীৰ এই লোকসকলৰ নাম প্রেৰণ কৰিবলৈ জনোৱা হয়৷ ৰাজ্যিক সমন্বয়কৰ এই পত্রৰ পিছতে প্রতিজন জিলা উপায়ুক্তই সন্দেহজনক লোকৰ নাম অন্তর্ভুক্তিৰ বিষয়টো পৰীক্ষাত নামি পৰে৷ যোৱা বুধবাৰে হিতেশ দেৱশর্মাই দিয়া পত্রৰ ভিত্তিতেই কালি আৰু আজি এন আৰ চি সঞ্চালকালয়লৈ প্রায় সকলো উপায়ুক্তই সন্দেহজনক লোকৰ নামৰ তালিকা ই–মেইল কৰিছে৷ মন কৰিবলগীয়া যে এন আৰ চিৰ প্রথম খচৰা প্রকাশৰ পিছতে আছাম পাব্লিক ৱর্কছ চমুকৈ এ পি ডব্লিউৱে এন আৰ চিত বহু সন্দেহজনক লোকৰ নাম অন্তর্ভুক্ত হোৱা বুলি দাবী কৰি ইয়াৰ পুনৰীক্ষণৰ দাবী কৰিছিল৷ আনকি ৰাজ্য চৰকাৰেও চূড়ান্ত তালিকা প্রকাশৰ পূর্বে উচ্চতম ন্যায়ালয়ত শপতনামাযোগে অসমৰ সীমান্তৱর্তী জিলাসমূহৰ ২৭ শতাংশ আৰু অন্য জিলাসমূহৰ ১০ শতাংশ লোকৰ নাম পুনৰীক্ষণৰ আবেদন জনাইছিল৷ কিন্তু তেতিয়া ৰাজ্যিক সমন্বয়কৰ দায়িত্বত থকা প্রতীক হাজেলাই এনে পুনৰীক্ষণৰ প্রয়োজন নাই বুলি স্পষ্ট কৰাৰ লগতে চূড়ান্ত এন আৰ চি তালিকাৰ ৮০ শতাংশ লোকৰ নাম পুনৰীক্ষণ সম্পূর্ণ কৰা বুলি ন্যায়ালয়ক জনাইছিল৷ প্রতীক হাজেলাৰ প্রতিবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে দল–সংগঠন আৰু ৰাজ্য চৰকাৰৰ পুনৰীক্ষণৰ দাবী অগ্রাহ্য কৰিছিল৷ কিন্তু এন আৰ চি প্রকাশৰ পিছতে এটাৰ পিছত এটাকৈ সন্দেহজনক লোকৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ ঘটনা পোহৰলৈ আহিল৷ সেয়াই নহয়, প্রতীক হাজেলাই পুনৰীক্ষণ নকৰি প্রকাশ কৰা এন আৰ চিত ন্যায়ালয়ে বিদেশী বুলি ৰায়দান দিয়া লোকৰ নাম পৰিয়ালসহ অন্তর্ভুক্ত হ’ল৷ এনে পৰিপ্রেক্ষিতত ৩১ আগষ্টত প্রকাশ পোৱা এন আৰ চি যে শুদ্ধ অথবা ত্রুটিমুক্ত নহয় সেয়া স্পষ্ট হৈ পৰিছিল৷ ইফালে, এন আৰ চিৰ সঞ্চালকালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, চূড়ান্ত এন আৰ চি প্রকাশৰ পূর্বে প্রায় সংখ্যক জিলাৰ উপায়ুক্তই এন আৰ চিৰ তালিকাত অন্তর্ভুক্ত হোৱা সন্দেহজনক অথবা অবৈধ নাগৰিকৰ তালিকা প্রস্তুত কৰি প্রতীক হাজেলাক জমা দিছিল৷ আনকি হাজেলাই এই তালিকাৰ কথা উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিছিল যদিও বিষয়টো বিশেষ আগ নাবাঢ়িল৷ এই তালিকাসমূহ পুনৰ সংগ্রহ কৰি ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই ভাৰতৰ মহাপঞ্জীয়কলৈ প্রেৰণ কৰিব খোজা বিষয়টোৱে এতিয়া বিশেষ চর্চাৰ সৃষ্টি কৰিছে৷ এন আৰ চি সঞ্চালকালয়ৰ সূত্রটোৱে ইয়াকো জানিবলৈ দিছে যে মহাপঞ্জীয়কৰ নির্দেশ মর্মে এই তালিকাসমূহ সংগ্রহ কৰা হৈছে৷ তালিকাত থকা লোকসকল যদি এন আৰ চিত নাম অন্তর্ভুক্ত কৰাৰ বাবে যোগ্য নহয়, তেন্তে নিশ্চিতভাৱে বহু লোকৰ নাম নাগৰিকপঞ্জীৰ পৰা বাদ পৰিব৷ উল্লেখ্য যে এন আৰ চিৰ এশ শতাংশ পুনৰীক্ষণৰ দাবীৰে ইতিমধ্যে এ পি ডব্লিউৱে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে৷ সদৌ অসম ছাত্র সন্থায়ো এন আৰ চিৰ ভুল–ত্রুটি আঁতৰোৱাৰ বাবে সর্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে৷ এনে সময়ত ভাৰতৰ মহাপঞ্জীয়কে এন আৰ চিত অন্তর্ভুক্ত হোৱা সন্দেহজনক লোকৰ তালিকা বিচৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ ইপিনে, এন আৰ চিত নাম অন্তর্ভুক্ত হোৱা বহু লোকলৈ বিদেশী ন্যায়াধিকৰণে জাননী প্রেৰণ কৰি আছে৷ ইয়াৰ বিপৰীতে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা বহু লোকৰ নামো ৰহস্যজনকভাৱে এন আৰ চিত অন্তর্ভুক্ত হৈছে৷ এনে অৱস্থাত জিলা উপায়ুক্তসকলে দাখিল কৰা সন্দেহজনক লোকৰ তালিকাৰ ওপৰত ভাৰতৰ মহাপঞ্জীয়কে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷