নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ অবাধ দুর্নীতিত স্থবিৰ হৈছিল গ্রামাঞ্চলৰ উন্নয়ন

ৰঙিয়াত একেদিনাই ১৩ আঁচনিৰ শিলান্যাস মন্ত্রী কলিতাৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তর্গত আৰিমত্ত গাঁও পঞ্চায়তত শুকুৰবাৰে ১৩টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই৷ চতুর্দশ বিত্তীয় আয়োগৰ মুঠ ৫৩,৬৪,০১৬ টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে মন্ত্রীগৰাকীয়ে৷ এই উপলক্ষে আৰিমত্ত পঞ্চায়তৰ কার্যালয় প্রাংগণত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়৷ সভাত মন্ত্রী কলিতাই ভাষণ প্রসংগত কয় যে গ্রামাঞ্চলৰ দ্রুত উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি গ্রহণ কৰিছে৷ পূর্বৰ চৰকাৰৰ দিনত অবাধ দুর্নীতি হোৱা বাবে গ্রামাঞ্চলৰ উন্নয়ন স্থৱিৰ হৈ পৰিছিল৷ কিন্তু বর্তমান চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা বাবে আঁচনিসমূহৰ ধনৰ সদ্ব্যৱহাৰ হোৱাত ৰাইজে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্রীগৰাকীয়ে দোহাৰে৷ লগতে আৰিমত্ত পঞ্চায়তৰ বিকাশৰ যাত্রাৰ বাবে পঞ্চায়তটোৰ সভাপতি ৰিজু আহমেদৰ ভূয়সী প্রশংসা কৰে৷ ইয়াৰ পূর্বে মন্ত্রী কলিতাই ৬,৮২,৪৭৫ টকা (প্রথম পর্যায়)ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া পঞ্চায়ত কার্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত আঞ্চলিক পঞ্চায়তৰ সভানেত্রী শিপ্রা দাস, বৈদ্যগড় পঞ্চায়তৰ সভাপতি দুলু ভূঞা আদি বহুসংখ্যক পঞ্চায়ত প্রতিনিধি উপস্থিত থাকে৷

You might also like