নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ টাকিমাৰীত ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : বিলাসীপাৰাৰ টাকিমাৰীত ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন কৰে।অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ৰাজ্যজুৰি এই ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। প্ৰত্যেক বছৰৰ ডিচেম্বৰ মাহত খাৰিফ বিপণন বতৰ (KMS)ৰ অধীনত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগে কৃষকৰ পৰা ধান ক্ৰয় কৰি আহিছে। বিলাসীপাৰাতো বিভাগে আজিৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জৰ টাকিমাৰীত থকা ধান ক্ৰয় কেন্দ্ৰটো বিলাসীপাৰা মহকুমাৰ সহকাৰী আয়ুক্ত জীয়াউৰ ৰহমানে আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰথম দিনাই ধান ক্ৰয় কেন্দ্ৰটোত প্ৰায় ১৫০ কুইন্টল ধান ক্ৰয় কৰে। প্ৰতি কুইন্টল ২১৮৩ টকা দৰত ধান বিক্ৰী কৰিবলৈ পাই কৃষকসকলেও উৎফুল্লিত হৈ পৰিছে। চৰকাৰৰ এনে পদক্ষেপক কৃষক ৰাইজে শলাগ লয়।কেন্দ্ৰটোত কৃষকসকলক উচিত মূল্যত ধান বিক্ৰী কৰিবলৈ আহ্বান জনায় কৃষি বিষয়াসকলে। উক্ত কাৰ্যসূচী উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া হেমাংগ দাস, কৃষি বিষয়া ছানি গগৈৰ লগতে গ্ৰাম সেৱক কৃষকসকল উপস্থিত থাকে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like