নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী উপলক্ষে বাংলাদেশ ক্রিকেট ব’র্ডে অহা ১৮ আৰু ২১ মার্চত আয়োজন কৰা প্রদর্শনীমূলক টি–২০ত এছিয়া একাদশৰ হৈ খেলিব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, অ’পেনাৰ শিখৰ ধাৱন, তাৰকা বেগী বলাৰ মহম্মদ ছামি আৰু স্পীনাৰ কুলদীপ যাদৱে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ এই চাৰিগৰাকী খেলুৱৈৰ নাম বাংলাদেশ ক্রিকেট ব’ডলৈ প্রেৰণ কৰিছে৷ পাকিস্তানৰ ক্রিকেটাৰৰ সম্ভাব্য অংশগ্রহণৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেটাৰক এছিয়া একাদশৰ হৈ খেলিবলৈ বি চি চি আয়ে অনুমতি নিদিব বুলি আৰম্ভণিতে বাতৰি প্রকাশ পাইছিল যদিও বাংলাদেশ ক্রিকেট ব’র্ডে প্রদর্শনীমূলক টি–২০ মেচ দুখনত পাকিস্তানৰ ক্রিকেটাৰ উপলব্ধ নহয় বুলি নিশ্চয়তা দিছিল৷ ইয়াৰ পিছতে বি চি চি আয়ে অতিকমেও চাৰিগৰাকী ভাৰতীয় ক্রিকেটাৰক ঢ়াকালৈ প্রেৰণ কৰিব বুলি বাংলাদেশ ব’ডক প্রতিশ্রুতি দিছিল৷ উল্লেখ্য যে ঢ়াকাৰ ঐতিহাসিক শ্বেৰ–ই–বাংলা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত এছিয়া একাদশৰ প্রতিদ্বন্দ্বী হ’ব বিশ্ব একাদশ৷