নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জুনৰ পৰা কামাখ্যাত অম্বুবাচী মহাযোগ

মহা অম্বুবাচী যোগলৈ মাজতে মাথোঁ ১৫টা দিন৷ ২২ জুনৰ পৰা ভক্ত–দর্শনার্থীৰ পদধূলিৰে আলোড়িত হৈ পৰিব মহানগৰীৰ নীলাচল পাহাৰস্থিত দেৱী কামাখ্যা ধাম৷ এই উপলক্ষে ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰাৰ সময়তে সমান্তৰালভাৱে সাজু হৈ উঠিছে দেৱালয় পৰিচালনা সমিতিও৷

এই সন্দর্ভত দেৱালয়খনৰ বৰ দলৈ কবীন্দ্র প্রসাদ শর্মাই কয় যে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ২২ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি ঘটিব৷ তাৰ পাছতে পূর্বৰ পৰম্পৰাগত নিয়ম অনুসৰি পৰৱর্তী তিনিদিন অর্থাৎ ২৩ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ মূল দ্বাৰ বন্ধ ৰখা হ’ব৷

অহা ২৬ জুনৰ পুৱা নিত্য–নৈমিত্তিক পূজা–র্চনাৰ পাছতে মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰি দিয়া হ’ব৷ অৱশ্যে বিগত কেইবছৰৰ দৰে এইবাৰো দেৱালয় পৰিচালনা সমিতিয়ে ২৬ জুনৰ পৰা ২৮ জুনলৈ মন্দিৰত প্রৱর্তিত ভিভিআইপি দর্শনৰ ব্যৱস্থা সম্পূর্ণৰূপে বাতিল কৰিছে৷

বৰ দলৈ শর্মাই কয় যে অম্বুবাচীৰ নিবৃত্তিৰ পাছতে লাখ লাখ ভক্ত–দর্শনার্থীয়ে দেৱীৰ আশিস গ্রহণৰ বাবে ইচ্ছা প্রকাশ কৰে৷ সেইবাবেই সেই তিনিদিন সকলোধৰণৰ ভিআইপি দর্শনৰ ব্যৱস্থা বাতিল কৰা হৈছে৷ অম্বুবাচী মহাযোগক লৈ দেৱালয় কর্তৃপক্ষই গ্রহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে নীলাচল পাহাৰৰ স্থানীয় লোকক লৈ দেৱালয় কর্তৃপক্ষই অম্বুবাচী মহাযোগ সুচাৰুৰূপে পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰিছে৷

সমিতিখনে ইতিমধ্যে সকলো প্রস্তুতি আৰম্ভ কৰিছে৷ দেৱালয়লৈ যোৱা পথৰ বিভিন্ন স্থানত খোৱাপানীৰ ব্যৱস্থা, চিচি টিভি কেমেৰা সংস্থাপন আদি পদক্ষেপ গ্রহণ কৰা হৈছে৷ অৱশ্যে অম্বুবাচীলৈ অহা সাধু–সন্যাসীৰ বাদে আন তীর্থযাত্রীসকলৰ থকা–মেলা অথবা খোৱাৰ ব্যৱস্থা পৰিচালনা সমিতিয়ে লোৱা নাই বুলি সদৰী কৰিছে শর্মাই৷

তেওঁ কয় যে মন্দিৰ চৌহদত অৱস্থিত দশনামী আখাৰাত সাধু–সন্যাসীসকলৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে৷ মন্দিৰ কর্তৃপক্ষৰ পৰা খোৱা–লোৱাৰ ব্যৱস্থাও লোৱা হ’ব৷

আনহাতে আন তীর্থযাত্রীসকলৰ বাবে বড়িপাৰা, মালিগাঁও, আদাবাৰী আৰু ভৰলুমুখ খেলপথাৰত থকা–মেলাৰ ব্যৱস্থা প্রশাসনে কৰিছে৷ যাত্রীৰ ক্রমবর্ধমান ভিৰৰ প্রতি লক্ষ্য ৰাখি এইবাৰো কামাখ্যা ধামলৈ নির্দিষ্টসংখ্যক প্রয়োজনীয় বাহনৰ বাদে আন বাহনৰ চলাচল অম্বুবাচীৰ কেইদিনত বন্ধ কৰা হ’ব৷

সকলো দর্শনার্থীয়ে পদব্রজেই ধামলৈ আহিব লাগিব৷ অৱশ্যে ভক্তপ্রাণ ৰাইজৰ সুবিধাৰ বাবে এইবাৰ দেৱালয় পৰিচালনা সমিতিয়ে কামাখ্যা নার্ছাৰীৰ পৰা মূল মন্দিৰলৈ সমগ্র পথছোৱাত কার্পেট পাৰি দিয়াৰ ব্যৱস্থা হাতত লৈছে৷

বৰ দলৈ শর্মাই কয় যে পদপথত প্রয়োজনীয় কার্পেট পাৰি দিবলৈ সুদূৰ কেৰালামৰ পৰা কার্পেট অনা হৈছে৷ উল্লেখ্য যে বিগত বর্ষত অম্বুবাচীৰ সময়ছোৱাত মুঠ প্রায় ৭ লাখ ৮৫ হাজাৰগৰাকী ভক্তৰ আগমন কামাখ্যা ধামলৈ হৈছিল৷ এইবাৰো এই পৰিসংখ্যা প্রায় ৫০–৬০ হাজাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি বৰ দলৈ শর্মাই কয় যে ভক্তৰ ভিৰৰ প্রতি লক্ষ্য ৰাখি অম্বুবাচী মহাযোগৰ কেইদিনত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মন্দিৰ চৌহদত ভক্তৰ প্রৱেশৰ অনুমতি দিয়া হ’ব৷

সন্ধিয়া ৬ বজাৰ পাছত কোনো ভক্তই মন্দিৰ চৌহদত থাকিব নোৱাৰিব৷ সেই সময়খিনিত মন্দিৰ চৌহদ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা লোৱা হ’ব৷ উল্লেখ্য যে বর্ধিত ভিৰৰ প্রতি লক্ষ্য ৰাখি এইবাৰো কামাখ্যা ধামত অধিকসংখ্যক স্বেচ্ছাসেৱক মোতায়েন কৰাৰ লগতে চিচি টিভিৰ সংখ্যাও বৃদ্ধি কৰা হ’ব বুলি বৰ দলৈ শর্মাই লগতে কয়৷

ডিজিটেল ডেস্ক, ৮ জুন

You might also like