নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি নহয় এনআৰচি প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰি উদ্ধৱ থাকৰেৰ মন্তব্য

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী সমগ্র দেশতে ৰূপায়ণ নহয়৷– শুকুৰবাৰে নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ পিছত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই এই মন্তব্য কৰিছে৷ দেশৰ ৰাজধানী দিল্লীত উদ্ধৱ থাকৰেই তেওঁৰ পুত্র আদিত্যৰ সৈতে প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰে৷ এই সাক্ষাতৰ সময়তে প্রধানমন্ত্রী মোদীয়ে এনআৰচি সন্দর্ভত এই নিশ্চিতি প্রদান কৰি কয় যে এনআৰচি কেৱল অসমতহে ৰূপায়ণ কৰা হৈছে৷ উদ্ধৱ থাকৰেই আৰু কয় যে নাগৰিকত্ব সংশোধনী আইন সন্দর্ভত কোনো ভাৰতীয় ব্যক্তি আতংকিত হোৱাৰ কাৰণ নাই৷ প্রধানমন্ত্রী মোদীক সাক্ষাতৰ পিছত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীজনে আৰু কয় যে ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী এক লোকপিয়ল৷ ইয়াৰ জৰিয়তে কোনো লোককে দেশৰ পৰা বাহিৰ কৰি দিয়া নহয়৷ উল্লেখ্য যে মহাৰাষ্ট্র চৰকাৰত শিৱসেনাৰ সহযোগী দল এনচিপিৰ সৈতে হোৱা শেহতীয়া সংঘাতৰ পিছত থাকৰেই প্রধানমন্ত্রীক সাক্ষাৎ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

You might also like