নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ শিৱৰাত্রিৰ দিনা নগাঁৱৰ পুৰণিগুদামত বিস্ময়কৰ ঘটনা ৷ আৱির্ভাৱ হ’ল পঞ্চমুখী নাগৰ ৷ পঞ্চমুখী নাগৰ আর্ৱিভাৱ দেখি স্থানীয় ৰাইজে আৰম্ভ কৰিলে পূজা–অর্চনা ৷ মহাশিৱৰাত্রি উপলক্ষে সমগ্র ৰাজ্যতে হৈছে পূজা–অর্চনা ৷ শিৱৰাত্রিৰ দিনা নগাঁৱৰ পুৰণিগুদাম বৰপানীগাঁৱৰ বিশেষ ঠাইডোখৰত কৰা হৈছে পূজা–অর্চনা ৷ ঘটনা অনুসৰি, পুৱাই বৰপানীগাঁৱৰ এঘৰত উঁই হাফলুত প্রত্যক্ষ কৰে পঞ্চমুখী নাগ আৰু ইয়াৰ পিছৰে পৰা আৰম্ভ হয় পূজা–অর্চনা ৷ বহুতৰে বিশ্বাস –এয়া ভগৱানৰে লীলা ৷ নগাঁৱৰ পুৰণিগুদাম বৰপানীগাঁৱত ঘটা এই ঘটনাৰ কথা মুহূর্ততে বিয়পি পৰিল সমগ্র অঞ্চলটোত ৷ খবৰ পাই সেই স্থানত সমাগম হ’ল অসংখ্য লোকৰ ৷ গাঁৱৰ গোপীনীসকল সমৱেত হৈ এয়া ভগৱানৰে লীলা বুলি বিশ্বাস কৰি গাইছে কাকূতি ঘোষা ৷