🔹 বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : কামৰূপৰ ছমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত জামলাই উঃ মাঃ বিদ্যালয়ত দশম মানৰ ছাত্ৰ-ছাত্ৰীয়ে নাপালে অনলাইন পৰীক্ষাৰ সুবিধা | ইংৰাজী বিষয়ৰ মুঠ ১০ নম্বৰৰ পৰা বঞ্চিত হ’বলগীয়া হয় শিক্ষানুষ্ঠানখনৰ মুঠ ৯৭গৰাকী শিক্ষাৰ্থী | স্মৰ্তব্য যে ১ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ এই পৰীক্ষাৰ সুবিধা উপলব্ধ আছিল যদিও ভাৰপ্ৰাপ্ত অধ্যক্ষই হেনো পৰীক্ষাৰ কথা পাহৰিলে। ফলত শিক্ষাৰ্থীসকল বঞ্চিত হ’বলগীয়া হয় | যাৰ ফলশ্ৰুতিত আজি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে ভাৰপ্ৰাপ্ত অধ্যক্ষ জাহিদুল ইছলামক জবাবদিহি কৰে | শিক্ষা বিভাগৰ ইংৰাজী বিষয়ৰ প’ৰ্টেল পৰীক্ষাৰ পৰা বঞ্চিত হ’ল শিক্ষানুষ্ঠানখনৰ দশম শ্ৰেণীৰ মুঠ ৯৭গৰাকীকৈ ছাত্ৰ-ছাত্ৰী | একাংশ সহঃ শিক্ষকেও পাকে-প্ৰকাৰে এয়া বিদ্যালয়প্ৰধানৰেই হেমাহি বুলিয়েই ক’ব খোজে। আনহাতে, ভাঃ প্ৰাঃ অধ্যক্ষগৰাকীয়েও স্বীকাৰ কৰিলে নিজৰ দোষ | প্ৰশ্ন হয়- কিয় এনে হয় ? জ্ঞানৰ মন্দিৰত কিয় সংঘটিত হয় এনেবোৰ কাণ্ডজ্ঞানহীন কাণ্ড ? কিয় দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল বঞ্চিত হ’বলগীয়া হ’ল ১০ নম্বৰৰ অনলাইন পৰীক্ষাৰ পৰা? শিক্ষকৰ হেমাহিত শিক্ষাৰ্থী পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাক লৈ উত্তপ্ত হৈ পৰে বিদ্যালয় প্ৰাংগণ।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস