নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ বিভিন্ন সময়ত অতি ক্ষুদ্র ভাস্কর্য সৃষ্টিৰ জৰিয়তে দেশজুৰি জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ওড়িশাৰ প্রখ্যাত ভাস্কৰ এল এছৱাৰ ৰাৱে মহাশিৱৰাত্রি উপলক্ষে ক্ষুদ্রতম শিৱলিংগ এটা সৃষ্টি কৰিছে ৷ এডাল পেঞ্চিলৰ নিবত ০.৫ ইঞ্চিৰ এই ক্ষুদ্র শিৱলিংগ অংকন কৰি ইয়াক এটা বটলৰ ভিতৰত সংৰক্ষণ কৰিছে ৰাৱে৷ ৰাজধানী ভুবনেশ্বৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ খুর্দা জিলাৰ জাট্নি গাঁৱৰ বাসিন্দা ৰাৱে শিৱলিংগৰ এই ভাস্কর্যৰে আজি ৰাজ্যখনৰ সংবাদ মাধ্যমত বিশেষ চর্চা লাভ কৰিবলৈ সক্ষম হৈছে৷ সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাৱে কৈছে যে এতিয়ালৈকে বিশ্বত ইমান ক্ষুদ্র শিৱলিংগৰ ভাস্কর্য সৃষ্টি হোৱাৰ নজিৰ নাই৷ গতিকে এইক্ষেত্রত ভাস্কর্য শিল্পীগৰাকীয়ে এক অভিলেখ সৃষ্টি কৰা বুলি নিজেই দাবী কৰিছে৷ এটা বটলৰ ভিতৰত ৰাওক এই ভাস্কর্য শিল্প সংৰক্ষণৰ বাবে মুঠ সময় প্রয়োজন হৈছিল দুদিন ৷