নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যা কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

🟢দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

🟢কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণ, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷ সংসদ ভৱনত থকা প্রধানমন্ত্রী কার্যালয়ত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰি ৰাজ্য চৰকাৰৰ উদ্যোগত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া অসম বাণিজ্য সন্মিলন আয়োজনৰ ক্ষেত্রত প্রধানমন্ত্রীৰ পৰা দিহা–পৰামর্শ গ্রহণ কৰে৷ অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীক আকর্ষিত কৰি ৰাজ্যখনৰ অর্থনৈতিক বিকাশ যাত্রাক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰিব৷ তদুপৰি কামাখ্যা কৰিড’ৰ প্রকল্পৰ আধাৰশিলা স্থাপন, যোৰহাটত মহাবীৰ লাচিত বৰফুকনৰ প্রতিমূর্তি উন্মোচন, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় উদ্বোধন আৰু অন্যান্য কিছু কল্যাণমূলক কার্যসূচীৰ শুভাৰম্ভ কৰিবলৈ অসমবাসীৰ হৈ মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক অসম ভ্রমণলৈ আহিবলৈ আমন্ত্রণ জনায়৷ সাক্ষাৎকালত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনৰ উন্নয়নৰ যাত্রাত প্রধানমন্ত্রীৰ নেতৃত্বত লাভ কৰা নিৰন্তৰ সহযোগিতাৰ বাবে অসমবাসীৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমত ৰূপায়ণ হৈ থকা বিভিন্ন জনকল্যাণমূলক কার্যসূচীৰ বিষয়েও প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ উল্লেখ্য যে কালি সন্ধিয়া দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, কেন্দ্রীয় ৰেলমন্ত্রী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে৷ সংসদ ভৱনত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণেৰে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ সর্বাংগীণ বিকাশত বিত্তমন্ত্রীগৰাকীৰ অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত অসমে যিদৰে প্রগতিৰ পথত আগবাঢ়িছে তাৰ শলাগ লয়৷ সেইদৰে কেন্দ্রীয় ৰেলমন্ত্রী তথা ইলেক্ট্রনিক আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্রী অশ্বিনী বৈষ্ণৱৰে ৰেল ভৱনত অনুষ্ঠিত বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই অসমত ৰেলৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনায়৷ বৈঠকখনত মন্ত্রী বৈষ্ণৱে অসম চৰকাৰে গ্রহণ কৰা ছেমি কণ্ডাক্টৰ নীতিৰ ওপৰত কেইবাটাও পৰামর্শ প্রদান কৰে৷ উল্লেখ্য যে আজি নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাৎ কৰিব৷ দিল্লীত অসমীয়া কলা-সংস্কৃতিক দাঙি ধৰিব পৰাকৈ নির্মাণ কৰিবলগীয়া আছাম কমপ্লেক্সৰ বাবে ভূমি আবণ্টনক লৈ উপ-ৰাজ্যপালগৰাকীৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই আলোচনা কৰিব বুলি জানিব পৰা গৈছে৷

প্ৰেৰক কল্লোল ভৌমিক

You might also like