নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : ডিগবৈ তথা পাৰ্শ্বৱৰ্ত্তী অঞ্চলসমূহৰ বিশেষকৈ বৃহত্তৰ টিংৰাইত আজি সন্ধিয়াৰ ভাগত হঠাৎ অহা এজাক প্ৰচণ্ড শিলাবৃষ্টিয়ে কৃষকৰ বিস্তৰ ক্ষতি কৰে। আবেলি সময়ত অহা শিলাবৃষ্টিত শুকুলা বৰফে টিংৰাই অঞ্চলটো ঢাকি পেলায়। বাট পথত বৰফ ভৰি পৰাত কিছু সময় যান বাহন চলাচল বন্ধ হৈ পৰে। শুকুলা বৰফে ঢাকি পেলোৱা মনোৰম দৃশ্যই কিছুসময় স্থানীয় লোকক অভিভূত কৰি তোলে যদিও পথাৰৰ পকা ধানৰ বিস্তৰ ক্ষতি হয়। শাক পাচলি নষ্ট হয়। বহু তামোল গছ ভাঙি পৰে। কৃষকে পথাৰত ধান কাটি থোৱাৰ লগতে চোতালতো কটা ধান গোটাই থৈছিল। কিন্তু শিলাবৃষ্টিৰ ফলত কটা ধান বৰফে ঢাকি পেলোৱাত কৃষকৰ কষ্টৰ ফচল নষ্ট হৈ পৰে। আঘোণৰ পকা ধান চপোৱাৰ সময়তে দিয়া শিলাবৃষ্টিত অঞ্চলটোৰ বিস্তৰ ক্ষতি হয়।
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই