নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ পাচতে ৰাজ্যত অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া । সংস্কৃত টোল বন্ধ কৰাৰ বিষয়ত পুনৰ দৃঢ় স্থিতি ব্যক্ত কৰে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘কিছুমান যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত , যেতিয়া আমি বিধানসভাত যুক্তিসমূহ প্ৰকাশ কৰিম তেতিয়া সকলো ৰাইজে আমাক সমৰ্থন জনাব । কাৰণ অসমত সংস্কৃত টোলসমূহৰ ৮০ শতাংশই আজি অৰ্থহীন হৈ পৰিছে । মেট্ৰিক পাছ কৰাৰ এইটো এটা কাৰখানা হৈ পৰিছে আৰু বহু সংস্কৃত টোলেই এইবাৰ মেট্ৰিকৰ পৰীক্ষাৰ্থী দিব পৰা নাই । গতিকে চৰকাৰৰ ধনৰটো অপচয় কৰিব নোৱাৰি আৰু চৰকাৰী আঁচনিটো চৰকাৰৰ মতেই চলিব ।’