নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিষ্টল দেখুৱাই বাছ চালকক মৃত্যুৰ ভাবুকি উদণ্ড অনুপমৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : দেৰগাঁৱত যোৱানিশা এজন যুৱকে পিষ্টল দেখুৱাই দাদাগিৰি কৰাৰ এক ঘটনা সংঘটিত হয়। জানিব পৰা মতে, পদ্মনাভ নামৰ বাছখন লৈ নাহৰনিখাট গাঁৱৰ চালক পুলিন দাসে ঘৰলৈ আহি থকাৰ সময়ত বিপৰীত দিশৰ পৰা নিজৰ বিলাসী বাহনত আহি আছিল অনুপম দত্ত নামৰ এজন যুৱক। ঠেক পথটোত গাড়ী পাৰাপাৰ কৰিবলৈ দুই পক্ষৰ গাড়ী অগা পিছা কৰি থকা সময়তে যুৱকজনৰ গাড়ীখনত সামান্যভাৱে ঘঁহনি খাই যায়। যাৰ বাবে বাছ চালকজনক যুৱকজনে বেয়াকৈ গালি-গালাজ পাৰে। এটা সময়ত অনুপমে গাড়ীৰ পৰা পিষ্টল উলিয়াই পুলিন দাসক মৃত্যুৰ ভাবুকি দিয়া বুলিও বাছ চালকজনে অভিযোগ কৰে। তদুপৰি বাছচালকজনক নিজৰ বাহনলৈ টানি নি অপদস্থ কৰা বুলিও অভিযোগ কৰি বাছচালকজনে আৰক্ষীক এজাহাৰ দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি দেৰগাঁৱত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে সমগ্ৰ ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰিছে পুলিন দাসে। যুৱ ব্যৱসায়ী অনুপম দত্ত নামৰ যুৱকজনৰ বিৰুদ্ধে পূৰ্বতেও এনে গুণ্ডাগিৰি কৰা বুলি অভিযোগ উঠিছে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী

You might also like