👉বিজেপিৰ মহিলা মৰ্চাৰ নতুন সভাপতি স্বপ্না বণিয়া
👉নিষ্ক্ৰিয় আঙুলৰতা ডেকাক অপসাৰণ নেতৃত্বতৰ
বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ সন্মুখত লোকসভা নির্বাচন। হঠাৎ বিজেপিৰ মহিলা মর্চাৰ সভাপতি পদৰ পৰা আঁতৰাই দিয়া হ’ল আঙুৰলতা ডেকাক৷ মহিলা মর্চাৰ দায়িত্ব গ্রহণ কৰি যথেষ্ট তৎপৰ হৈ থকা প্রাক্তন বিধায়িকা আঙুৰলতা ডেকা শেহতীয়াকৈ কিছু পৰিমাণে নিষ্প্রভ হৈ পৰিছিল৷ ব্যক্তিগত কাৰণত দলৰ পৰা আঁতৰি থকা মহিলা নেত্রীগৰাকীক লৈ সমস্যাত পৰিছিল ৰাজ্যিক বিজেপি৷ সেয়েহে আঙুৰলতা ডেকাক সভাপতি পদৰ পৰা আঁতৰাই তেওঁৰ স্থানত মহিলা মর্চাৰ সভানেত্রীৰ দায়িত্ব অর্পণ কৰা হ’ল স্বপ্না বণিয়াক৷ আঙুৰলতাই বিজেপিৰ মহিলা মর্চাৰ ৰাষ্ট্রীয় কার্যনির্বাহকৰ বৈঠকো অনুষ্ঠিত কৰিছিল গুৱাহাটীত৷ কিন্তু ইয়াৰ পিছতে যেন অন্তর্ধান হ’ল৷ বাজপেয়ী ভৱনৰ পৰা হঠাৎ নোহোৱা হৈ পৰা আঙুৰলতা ডেকাই দলীয় কাম-কাজতো দেখুৱাইছিল সম্পূর্ণ নিষ্ক্রিয়তা৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্যিক বিজেপিয়ে অনুসূচিত মর্চাৰ উপ-সভানেত্রী স্বপ্না বণিয়াক মহিলা মর্চাৰ সভানেত্রীৰ দায়িত্ব অর্পণ কৰা হয়৷ দায়িত্বৰ পৰা আঁতৰোৱাৰ পিছতে আজি সামাজিক মাধ্যমত আৱেগিক প’ষ্ট লিখি ৰাজ্যিক নেতৃত্বলৈ জনালে ধন্যবাদ আঙুৰলতাই৷ তেওঁ লিখিছে– সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাই পোনপ্রথমে মই স্পষ্টকৈ ক’ব বিচাৰিছো যে মোৰ জীয়ৰী নমামিয়ে বর্তমান স্কুলীয়া শিক্ষাৰ প্রাৰম্ভিক পর্যায়ত ভৰি দিছে আৰু এই সময়খিনিত এগৰাকী মাতৃৰ ঘৰুৱা ব্যস্ততাখিনিৰ বিষয়ে হয়তো সকলোৰে জ্ঞাত৷ এই সময়ৰ আহ্বানৰ প্রতি সহাৰি জনাই মই দলীয় শীর্ষ নেতৃত্বক মোৰ অসুবিধাসমূহৰ বিষয়ে অৱগত কৰিছিলো৷ আৰু দলীয় দায়িত্বৰ পৰাও অব্যাহতি বিচাৰিছিলো৷ যাতে নমামি কিছু ডাঙৰ তথা বুজা হোৱালৈকে তাইক মই সম্পূর্ণ সময় দিব পাৰো৷ শেহতীয়াকৈ দলে মোৰ সেই অসুবিধাসমূহৰ বিষয়ে বিবেচনা কৰি মোক দলীয় দায়িত্বৰ পৰা অব্যাহতি দিয়াত দলীয় নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ বিগত প্রায় দুই বছৰ পাঁচ মাহ সময় বিজেপিত ৰাজ্যিক মহিলা মর্চাৰ সভানেত্রী হিচাপে কার্যনির্বাহ কৰি সেৱা আগবঢ়াবলৈ সক্ষম হোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ প্রাপ্তি৷
#বাৰ্তা ডেস্ক