নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত ছাত্ৰীক যৌন উৎপীড়নৰ অভিযোগত অধ্যক্ষক আটক

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত এইবাৰ কালিমা হানিলে উজনিৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষই৷ চৰাইদেউ জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত মৰাণহাট থানাত এজাহাৰ দাখিল কৰিছে৷ মৰাণহাট আৰক্ষীয়ে সম্প্ৰতি অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক আটক কৰি ঘটনা সম্পৰ্কত জেৰা অব্যাহত ৰাখিছে৷ ইফালে উৎপীড়নৰ বলি হোৱা সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি আজি বিদ্যালয়ৰ চাহ বিৰতিৰ সময়ত ছাত্ৰীগৰাকীক অকলশৰীয়াকৈ এটা কোঠালৈ মাতি নি শ্লীলতা হানি কৰাৰ লগতে যৌন উৎপীড়নৰ চেষ্টা কৰে ভট্টাচাৰ্যই৷ লম্পট অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই ছাত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত বলপূৰ্ৱক স্পৰ্শ কৰাৰ লগতে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ অভিযোগ তুলিছে ছাত্ৰীগৰাকীয়ে৷ তদুপৰি এই বিষয়ে কাকো নজনাবলৈ ভাবুকি প্ৰদান কৰাৰ লগতে সদায় বিদ্যালয়ৰ পুথিভঁৰালত লগ কৰিবলৈ নিৰ্দেশ দিয়ে বুলিও জানিবলৈ দিছে ছাত্ৰীগৰাকীয়ে৷ ছাত্ৰীগৰাকীয়ে পিছত কৌশলেৰে পলাই আহি অভিভাৱকক জনোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে অভিভাৱক আৰু মৰাণৰ বিভিন্ন দল-সংগঠন ৷ লম্পট অধ্যক্ষজনক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে অধ্যক্ষ পদৰ পৰা নিলম্বিত কৰিবলৈ দাবী জনাইছে সচেতন মহলে৷ উল্লেখ্যযোগ্য যে, অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে ইতিপূৰ্বেও শিক্ষানুষ্ঠানখনত বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷

প্ৰেৰক অজিত চুতীয়া

You might also like