নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজগড়ত ৱাৰিয়ৰ্ছৰ প্ৰশংসনীয় পদক্ষেপ

 🔹 দৰিদ্ৰজনক বিনামূলীয়াকৈ যোগান ধৰাৰ লক্ষ্যৰে বস্ত্ৰ বেংক মুকলি
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : মহিলা সবলীকৰণৰ, মহিলাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে নিৰ্যাতিতা মহিলা, শিশুসকলৰ হৈ কাম কৰি অহা ৱাৰিয়ৰ্ছ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে শেহতীয়াকৈ গ্ৰহণ কৰিছে আন এক প্ৰশংসনীয় পদক্ষেপ। সমাজৰ একেবাৰে আৰ্থিকভাৱে দুৰ্বল, দৰিদ্ৰ লোকসকলক বস্ত্ৰ যোগান ধৰি কিছু সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন ঠাইত বস্ত্ৰ বেংক নামেৰে কাপোৰ যোগান ধৰা একোখনকৈ বিপণী মুকলি কৰিছে। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়তো এনে এটা বস্ত্ৰ বেংক মুকলি কৰা হয়। ৰাজগড়ৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ সমীপত ভোগেশ্বৰ বসুমতাৰীৰ বাসগৃহৰ চৌহদত মুকলি কৰা ৱাৰিয়ছৰ এই বস্ত্ৰ বেংকৰ পৰা দুখীয়া লোকসকলে তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পৰিধান কৰিব পৰা কাপোৰ বিনামূলীয়াকৈ নিব পাৰিব। শিশু, বৃদ্ধ, মহিলা, ছাত্র-ছাত্ৰীৰ সাজপাৰ উপলব্ধ এই বস্ত্ৰ বেংকত ।  আনহাতে, কোনো লোকে ইচ্ছা কৰিলে এই বস্ত্ৰ বেংকলৈ যিকোনো কাপোৰ যোগান ধৰিবও পাৰিব । ৱাৰিয়ৰ্ছ ডিব্ৰুগড় জিলা সমিতিৰ সভানেত্ৰী নিৰ্মালি দাস কুলিগঞাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত আনুষ্ঠানিকভাৱে ফিতা কাটি বস্ত্ৰ বেংকটো মুকলি কৰে স্থানীয় গাঁওপ্ৰধান তনুজ গোৱালাই। অনুষ্ঠানত জ্যেষ্ঠ ব্যক্তি ভোগেশ্বৰ বসুমতাৰী, গাঁওপ্ৰধান প্ৰফুল্ল গগৈ, সাংবাদিক কৃষ্ণ গগৈ অতিথি হিচাপে উপস্থিত থাকি ৱাৰিয়ছৰ পদক্ষেপৰ শলাগ লয়। এই অনুষ্ঠানত ৱাৰিয়ৰ্ছৰ উপদেষ্টা শক্তি ভট্টাচাৰ্য্য ,উপ-সভানেত্ৰী ববিতা ভূঞা গগৈ, মঞ্জু বড়া,  সম্পাদিকা প্ৰীতি শিখা খনিকৰ,  সহঃ সম্পাদিকা জয়শ্ৰী গগৈ,  নিবেদিতা কোঁৱৰ, বিত্ত বিভাগৰ সুৰেখা চুতীয়া শৰ্মা,  বুবু কোচ, বৰ্ণালী কোঁৱৰ, জনসংযোগৰ, কমল বেজবৰুৱা আদিৰ লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like