নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : টেঙাখাত পাণধোৱা গাঁৱৰ জালুকণী পুখুৰীৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয় ৷ জানিব পৰা মতে, দিহিং নদীৰ ফালৰ পৰা তীব্ৰগতিত অহা বালি কঢ়িয়াই অনা এখন ডাম্পাৰে পাণধোৱা গাঁৱৰ জালুকণী পুখুৰীৰ সমীপত একেদিশে অহা দুজন মটৰ চাইকেল আৰোহী আৰু এজন পথচাৰীক মহটিওৱাৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ পথ দুৰ্ঘটনাত গাঁৱৰে ডম্বৰু সোণোৱাল (৭০), বিধান সোণোৱাল (৪০) আৰু ভগীৰথ সোণোৱাল (৩৫) গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওজনকে টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ অনা হয় যদিও প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ তাতে ডম্বৰু সোণোৱাল নামৰ লোকজনৰ মৃত্যু হয় ৷ বিধান সোণোৱাল আৰু ভগীৰথ সোণোৱাল চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ ঘটনাটো সংঘটিত কৰি ডাম্পাৰখনে পলায়ন কৰে ৷ টেঙাখাত থানাৰ আৰক্ষীয়ে ঘটনাৰ সবিশেষ বুজ লোৱাৰ পাছত ডাম্পাৰ আৰু চালকজনৰ অনুসন্ধানত নামি পৰে ৷ স্থানীয় লোকে জনোৱা মতে, পথটোৰে অনবৰত বালি আৰু মাটি কঢ়িওৱা ডাম্পাৰ চলাচল কৰি থাকে ৷ ডাম্পাৰৰ চলাচলত নিয়ন্ত্ৰণ নথকাৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি স্থানীয় সচেতন লোকে মত প্ৰকাশ কৰে ৷
প্ৰেৰক দীপক গগৈ