নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোমূৰা বিদ্যা নিকেতন হাইস্কুলত সম্প্ৰদায় উৎসৱ সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোমুৰা বিদ্যা নিকেতন হাইস্কুলত আজি সম্প্ৰদায় উৎসৱ উদযাপন কৰা হয় । উক্ত সম্প্ৰদায় উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বিধায়ক ফণীধৰ তালুকদাৰে নিজৰ ভাষণ প্ৰসংগত কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকশিত ভাৰতবৰ্ষৰ বাবে গ্ৰহণ কৰা প্ৰতিখন আঁচনিৰেই তাৎপৰ্য আছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ এখন অধিক সৌন্দৰ্যপূৰ্ণ ভাৰতবৰ্ষলৈ ৰূপান্তৰ হৈ আছে। তেনেদৰে কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ অসমখনকো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰে সৌন্দৰ্যপূৰ্ণ অসম গঢ়ি তোলাৰ জাগৰণ আহিছে। বিশ্বৰ ভিতৰত এখন গৌৰৱোজ্জ্বল অসমলৈ ৰূপান্তৰ হ’ব। তদুপৰি বিধায়ক ফণীধৰ তালুকদাৰে তেওঁৰ ভাষণত কয় যে “আমি সমাজৰ প্ৰতিজনকে মানৱ সম্পদৰূপে সৃষ্টি কৰিবই লাগিব। এই ক্ষেত্ৰত শিক্ষাৰ্থী জীৱনৰ পৰাই পাঠ্যপুথিৰ শিক্ষাৰ উপৰি সৰ্বদিশৰ কৰ্মৰ শিক্ষাদানেৰে যোগ্য কৰি তোলাৰ বাবে শিক্ষাৰ ক্ষেত্ৰখনত সুস্থ সবল আঁচনি গ্ৰহণ কৰিছে চৰকাৰে।” গোমূৰা বি বি এম ভি স্কুলৰ শিক্ষক কমল শৰ্মাই পৰিচালনা কৰা শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত গোমূৰা বিদ্যা নিকেতন হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি অৰবিন্দ বৰ্মন, বজালী শিক্ষাখণ্ডৰ বি আৰ পি প্ৰাণজিৎ চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে। উল্লেখ্য যে দিনৰ এঘাৰ বজাত উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত ৩০নং ভালাগুৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত মুঠ নখন বিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক, অভিভাৱকৰ লগতে শিক্ষানুৰাগী ৰাইজে অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বৰ্ণাঢ্য লোক-সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত হয় শিক্ষাৰ্থী, শিক্ষক, অভিভাৱকৰ লগতে শিক্ষানুৰাগী ৰাইজৰ দ্বাৰা। সমগ্ৰ শিক্ষা, বৰপেটা জিলাৰ উদ্যোগত আৰু বজালী শিক্ষাখণ্ডৰ সহযোগত আয়োজিত ২০২৩-২৪ বৰ্ষৰ সম্প্ৰদায় উৎসৱত ভালাগুৰি মণ্ডল সমল কেন্দ্ৰৰ নখন বিদ্যালয়ে অংশগ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে উদযাপিত সম্প্ৰদায় উৎসৱত আৰম্ভণিতে চাফাই অভিযানৰ লগতে সম্প্ৰদায় উৎসৱত উদযাপন সমিতিৰ সভাপতি দুলাল বৰ্মনে পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ উপ-সভাপতি ৰঞ্জিত কুমাৰ দাসে। গছপুলি ৰোপণ কৰে গোমূৰাৰ বৰ্ষীয়ান সমাজকৰ্মী শৰৎ বৰ্মন, অৱসৰী কৃতী শিক্ষক মংগল বড়ো আৰু ভালাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ নাথে। বিয়লিৰ ভাগত সাংস্কৃতিক সমাৰোহ, মুকলি সভা অনুষ্ঠিত হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like