🔴আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জাৰ্মানী, অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেশৰো ঋণ আছে
🔴ঋণগ্ৰস্তৰ বিপজ্জনক ৰাজ্যৰ তালিকাত পশ্চিমবংগ, বিহাৰ, কেৰেলা, পঞ্জাব, হিমাচল প্ৰদেশ
বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ চৰকাৰক ঋণ সন্দৰ্ভত সমালোচনা কৰাসকলৰ প্ৰতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী পীয়ূষ হাজৰীকাই। আজি সামাজিক মাধ্যমত চৰকাৰে লোৱা ঋণ সন্দৰ্ভত এক পোষ্ট কৰি চৰকাৰে লোৱা ঋণ আৰু ঋণৰ বোজা সন্দৰ্ভত বিশ্লেষণ কৰে। মন্ত্ৰীগৰাকীয়ে কৰা পোষ্ট অনুসৰি বিগত সময়চোৱাত সমালোচনাকে একমাত্ৰ সমাধান বুলি পণ লোৱা এটা চক্ৰই ভুল ধাৰণা দিবলৈ আপ্ৰাণ চেষ্টা চলাই গৈছে যে অসমৰ অৰ্থনীতি দুৰ্বল হৈ উঠিছে। ভুল তথ্যৰে অসম ঋণত বুৰ যোৱা বুলি অপপ্ৰচাৰ চলোৱাও পৰিলক্ষিত হৈছে। অসমে সীমা চেৰাই যোৱা ঋণ লোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অৰ্থনীতিৰ অকণমানো ধাৰণা থকা লোকে ভালদৰে জানে যে উন্নয়নৰ লগত ঋণৰ অভিন্ন সম্পৰ্ক। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জাৰ্মানী, অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেশৰো ঋণ আছে। মূল কথাটো সেইটোহে ঋণৰ টকাৰ সদব্যৱহাৰ হৈছেনে নাই, ঋণে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সীমা অতিক্ৰম কৰিছে নেকি! এক তালিকা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে লিখিছে, ৰিজাৰ্ভ বেংকে যোৱা ১৪ ডিচেম্বৰত প্ৰকাশ কৰা সৰ্বাধিক ঋণগ্ৰস্ত ৰাজ্যৰ তালিকাত দূৰ দূৰণিলৈ কিন্তু অসমৰ নাম নাই। সৰ্বাধিক ঋণ লোৱা, বিপদজনক হৈ উঠা ৰাজ্যৰ তালিকাত আছে সৌ সিদিনালৈকে কংগ্ৰেছৰ শাসন থকা ৰাজস্থান, পশ্চিমবংগ, বিহাৰ, কেৰেলা, পঞ্জাৱ, হিমাচল প্ৰদেশৰ দৰে ৰাজ্য। ৰিজাৰ্ভ বেংকৰ তথ্যমতেই অসমতকৈ সৰু ৰাজ্য পঞ্জাৱৰ ঋণ হৈছে ৩ লাখ ১২ হাজাৰ কোটি ,অসমতকৈ সৰু ৰাজ্য কেৰেলাত ৩ লাখ ৫৭ হাজাৰ কোটি, চুবুৰীয়া পশ্চিম বংগত ৫ লাখ ৯০ হাজাৰ কোটি, ৰাজস্থানত ৫ লাখ ৩৮ হাজাৰ কোটি হোৱাৰ বিপৰীতে অসমৰ ঋণ ১ লাখ ৩৫ হাজাৰ কোটি। ঋণ লোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া, অসমেও লৈছে, কিন্তু বেলেগ ৰাজ্যৰ তুলনাত কম ঋণগ্ৰস্ত হৈয়েই আছে অসম। অসমে ঋণ লোৱা আৰু সময়তে ঘূৰাই দিয়াৰ ৰিজাৰ্ভ বেংকৰ সতৰ্কতাৰ সকলো চৰ্ত পূৰণ কৰা ৰাজ্যৰ তালিকাতহে সন্মানেৰে আছে। অসম চৰকাৰে আজিও ঋণ লবলগীয়া হৈ আছে কাৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ঋণ লৈ সদব্যৱহাৰ কৰা নাছিল,উন্নয়নত গুৰুত্ব দিয়া নাছিল। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঋণৰ প্ৰতিটো টকা জনতাৰ সেৱা আৰু উন্নয়নত উৎসৰ্গিত। সেই দিনো আহি আছে সোনকালে যে উন্নয়নৰ এই যাত্ৰাই ৰাজ্যত ঋণৰ প্ৰয়োজনেই নোহোৱা কৰিব।
#বাৰ্তা ডেস্ক