নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মাত্র এসপ্তাহ গুৱাহাটীত মুকলিকৈ টহল দি দেখুৱাওক’

🔹 দুই চর্তত ডিজিপিৰ প্রত্যাহ্বান গ্রহণ আলফা স্বাধীনৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ডিচেম্বৰ : অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে জনোৱা প্রত্যাহ্বান গ্রহণ কৰিছে আলফা (স্বাধীন)–এ৷ অৱশ্যে এইক্ষেত্রত নিষিদ্ধঘোষিত সংগঠনটোৱে দুটা চর্ত আৰোপ কৰিছে৷ এই দুই চর্ত হ’ল– আৰক্ষী সঞ্চালকপ্রধান সিঙে থলগিৰি আৰক্ষী–বিষয়া–কনিষ্টবলক নিৰাপত্তাৰক্ষী হিচাপে ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব৷ তাৰ ঠাইত নিয়োজিত কৰিব লাগিব চিআৰপিএফ বা সেনা বাহিনীক৷ চিআৰপিএফ বা সেনাৰ এই লোকসকল পশ্চিম–দক্ষিণ–পূব এছিয়া অঞ্চলৰ হ’ব নোৱাৰিব৷ তদুপৰি আৰক্ষী সঞ্চালকপ্রধান সিঙে এসপ্তাহ গুৱাহাটীত মুকলিকৈ টহল দি দেখুৱাব লাগিব৷ কালি আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ সদস্য ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক ই–মেইলত এই কথা ঘোষণা কৰা হৈছে৷ ই–মেইলটোত সন্নিৱিষ্ট ভাষ্য এনেধৰণৰ– যোৱা ১৫ ডিচেম্বৰত জি পি সিঙে সংবাদ মাধ্যমৰ আগত আলফা (স্বাধীন) সংগঠনক যি প্রত্যাহ্বান জনাহছে, উক্ত প্রত্যাহ্বান আমি দুটা চর্তসাপেক্ষে গ্রহণ কৰিছোঁ৷ প্রথমে, জি পি সিঙে তেওঁৰ গাড়ীচালকৰ লগতে নিৰাপত্তাৰ বাবে পশ্চিম–দক্ষিণ–পূব (WeSEA) অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে, সেইসকলৰ ঠাহত চিআৰপিএফ বা ভাৰতীয় সেনা বাহিনী (WeSEA অঞ্চলৰ যুৱক–যুৱতীক বাদ দি)ক ব্যৱহাৰ কৰক৷ দ্বিতীয়তে, মাত্র এসপ্তাহ গুৱাহাটীত মুকলিকৈ টহল দি দেখুৱাওক৷ কিয়নো, এটা দশকৰ পূর্বে আলফা (স্বাধীন)–এ অসম আৰক্ষীৰ থলগিৰি বিষয়া–সদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়া–সদস্যসকলৰ সৈতে সংঘর্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ কাৰণ, বিগত সময়ত ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ কে সিঙৰ সৈতে সংঘর্ষ হওঁতে আমাৰ হাততে ভাতৃসদৃশ বহুকেইগৰাকী থলগিৰি বিষয়া–সদস্যই মৃত্যুবৰণ কৰিছিল৷ এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাতী সংঘর্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে৷ সেয়েহে, আলফা (স্বাধীন) সংগঠনে ‘উলূৰ লগত বগৰী পোৰা’ কার্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চর্তৰ প্রত্যাহ্বান জনোৱা হৈছে৷ ‘আমি জানো, আমাৰ প্রত্যাহ্বান গ্রহণ কৰিব পৰাকৈ আপোনাৰ সাহস নাই, আছে মাথোঁ ‘স্বাধীনতা ফুকন’ৰ দৰে নিৰস্ত্র যুৱকক নিশা শোৱাপাটীৰ পৰা উঠাহ নি শীতল মস্তিষ্কৰে হত্যা কৰাৰ৷’ উল্লেখ্য যে শেহতীয়াকৈ যোৰহাটৰ লিচুবাৰীস্থিত সেনা ছাউনীত সংঘটিত গ্রেনেড বিস্ফোৰণকে ধৰি উজনি অসমত আলফা (স্বাধীন)ৰ কূটাঘাত সম্পর্কত গুৰুত্বপূর্ণ মন্তব্য কৰিছিল আৰক্ষী সঞ্চালকপ্রধান সিঙে৷ অ’ত–ত’ত গ্রেনেড দলিয়াই ৰাইজক হাৰাশাস্তি কৰাৰ পৰিৱর্তে তেওঁক আক্রমণৰ লক্ষ্য কৰি ল’বলৈ নিষিদ্ধঘোষিত সংগঠনটোক একপ্রকাৰ প্রত্যাহ্বান জনাই আৰক্ষী সঞ্চালকপ্রধান সিঙে কৈছিল যে তেওঁলোকে প্রতিবাৰে মোৰ কথা কয়৷ যদিহে মোক লৈ তেওঁলোকৰ কিবা সমস্যা আছে, তেনেহ’লে মোৰ ঘৰ কাহিলিপাৰাত আৰু কার্যালয় উলুবাৰীত আহক৷ মোক টার্গেট কৰি লওক৷ আনসকলক কিয় টার্গেট কৰি লৈছে৷ মই কোনোদিনে ক’তো কোৱা নাই– ভয় কৰিছোঁ অথবা চিন্তা কৰিছোঁ৷

পৰেশ বৰুৱা–জি পি সিঙৰ বিবৃতি যুদ্ধত নোসোমায় মুখ্যমন্ত্রী

আলফা (স্বাধীন)–এ নিজৰ অস্তিত্বৰ বাবে বছৰি দুই–এটা সৰু–সুৰা আক্রমণ কৰে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত আলফা (স্বাঃ)ৰ শেহতীয়া বিস্ফোৰণৰ ঘটনা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলফা (স্বাঃ)–ই বছৰত দুটা–এটা সৰু–সুৰা আক্রমণ কৰে৷ তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে দুই–এটা আক্রমণ কৰে৷ কিন্তু যিমানেই আমি অসমত কিবা এটা খেলিমেলি কৰিম, অসমৰ অর্থনীতিও সিমানেই পিছুৱাই যাব৷ এই কামবিলাক ভাল নহয় আৰু মই আশা কৰোঁ এই কামবিলাক বন্ধ হ’ব৷ অৱশ্যে এই বছৰটো প্রায় শেষ হোৱাৰ মুহূর্তলৈ উপনীত হৈছে আৰু এই বছৰটোত আটাইতকৈ কম ঘটনা সংঘটিত হৈছে৷ ইপিনে, আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ মাজত চলা বাকযুদ্ধক লৈ সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দুজন মানুহৰ কাজিয়াত তেওঁ নোসোমায়৷ তেওঁলোকৰ বিবৃতি যুদ্ধত তেওঁ কি ক’ব?

You might also like