🔹 জালুকবাৰীৰ বংশৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
🔹 বংশৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
তেওঁ ভাষণত শিক্ষা আৰু সংস্হাপনৰ বহুত দিশৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সেই দিশেৰে আগবাঢ়ি গৈ নিজৰ নিজৰ জীৱন সুৰক্ষিত কৰি তুলিবলৈ আহ্বান জনায় ৷ পঢ়া-শুনাৰ দিনকেইটাত অন্য দিশত মনোযোগ নিদিবলৈ শিক্ষাৰ্থীসকলক তেওঁ কয় ৷ ইয়াৰ পূৰ্বে ৰিমোটৰ জৰিয়তে মঞ্চৰ পৰাই বংশৰ ষ্টেডিয়ামৰ আধাৰশিলা স্হাপন কৰি তেওঁ কয় যে ইয়াৰ এঘাৰ বিঘা মাটিত ১২ কোটি টকা ব্যয়সাপেক্ষে চৰকাৰে এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিব ৷ পাঁচশ মানুহ বহিব পৰাকৈ গেলাৰী আৰু পেভিলিয়নৰ ব্যৱস্থা থাকিব ৷ ইয়াত এখন ফুটবল গ্ৰাউণ্ড আৰু দুখন ভলীবল গ্ৰাউণ্ড থাকিব ৷ চাৰিটা আলোকস্তম্ভৰ জৰিয়তে পোহৰৰ ব্যৱস্থা থাকিব ৷ খেল সামগ্ৰী আৰু যাৱতীয় আচবাব চৰকাৰে যোগান ধৰিব ৷ পৰৱৰ্তী দিনত ইয়াত এখন স্পৰ্টছ একাডেমী খোলা হ’ব ৷ পানী নিষ্কাশনৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব ৷ তেওঁ পুনৰ কয় যে শুৱালকুছি ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত৷ আমিনগাঁৱতো এখন বৃহৎ ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিব ৷ ইয়াৰ লগে লগে জালুকবাৰী সমষ্টিত খেলৰ এক সুন্দৰ পৰিৱেশ নিৰ্মাণ হ’ব ৷ শুৱালকুছি আৰু পলাশবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে দলং নিৰ্মাণ হৈ উঠিলে এই অঞ্চলৰ ৰাইজৰ সমগ্ৰ জীৱন যাত্ৰাৰ পৰিৱৰ্তন হ’ব ৷ বাট-পথৰ উন্নয়নে অঞ্চলটোত অৰ্থনৈতিক দিশ সবল কৰাৰ লগতে মাটি-বাৰীসমূহো অধিক মূল্যৱান হব বুলি তেওঁ ভাষণত কয় ৷ সমষ্টি পৰিৱৰ্তন হ’লেও এই অঞ্চলৰ উন্নয়নৰ গতি স্তব্ধ নহয় ৷ উন্নয়নৰ জয়যাত্ৰা সদায় থাকিব ৷ বৰঞ্চ বৃদ্ধিহে হ’ব ৷ এইটো আপোনালোকে নিশ্চিত থাকক ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুগুতোৱা মানপত্ৰখন মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত পাঠ কৰি সময়ৰ অসুবিধাৰ বাবে পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু নগদ ধন আগবঢ়াই তেওঁ সভা ত্যাগ কৰে ৷ পিছত আন ছাত্ৰ-ছাত্ৰীসকলক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা আৰু শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্তই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনাৰ অন্তত ৰিণিকি ভূঞা শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক অধিক মনোযোগৰে অধ্যয়নত ব্ৰতী হৈ ভৱিষ্যৎ শিক্ষা জীৱন আগবঢ়াই নিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লী, জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, কেৰিয়াৰ বিষয়া গৌৰাংগ দাস, শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্ৰ বৈশ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷