নিয়মীয়া বাৰ্ফেতা, ২৩ ফেব্রুৱাৰীঃ উত্তৰ–পূব ভাৰতত প্রথমবাৰৰ বাবে আয়োজন কৰা হৈছে নৈশ মাৰাথন ৷ এছমাকাম ফাউণ্ডেচনৰ উদ্যোগত অহা ১ মার্চৰ সন্ধিয়া ৫.৩০ বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা এই মাৰাথন আৰম্ভ হ’ব ৷ দেশ–বিদেশৰ বহু প্রখ্যাত ক্রীড়াবিদে অংশগ্রহণ কৰিবলগীয়া মাৰাথন প্রতিযোগিতাখন অনুষ্ঠিত হ’ব ৩টা শাখাত ৷ ৪২.২ কিলোমিটাৰৰ সম্পূর্ণ মাৰাথন, ২১ কিলোমিটাৰৰ হাফ মাৰাথন, ১৮ বছৰ অনূর্ধ্বৰ ১০ কিলোমিটাৰ আৰু ৩ কিলোমিটাৰৰ ৱাকাথান– এই শাখাসমূহত ইচ্ছুক ক্রীড়াবিদসকলে অংশগ্রহণ কৰিব পাৰিব ৷ ৱাকাথান শাখাৰ বাহিৰে আন শাখাসমূহৰ ক্ষেত্রত মুঠ ১২.৫ লাখ টকাৰ প্রাইজমানী প্রদান কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে ৷ ইফালে, প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া নৈশ মাৰাথন উপলক্ষে শনিবাৰে আয়োজন কৰা হয় ‘ৱার্ম আপ ৰান’ শীর্ষক অন্য এক কার্যসূচীৰ ৷ খানাপাৰা খেলপথাৰত পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ‘ৱার্ম আপ ৰান’ত ৫০০ৰো অধিক লোকে অংশগ্রহণ কৰে৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্না গুপ্তাই পুৱা ‘ৱার্ম আপ ৰান’ৰ ফ্লেগ অফ কৰে ৷ উল্লেখ্য যে ৰতন দাস নামৰ এগৰাকী ৭৩ বছৰীয়া ব্যক্তিয়ে আজিৰ দৌৰত অংশ লোৱাৰ উপৰি ১ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া নৈশ মাৰাথনতো অংশগ্রহণ কৰিব ৷ কামৰূপৰ আৰক্ষী অধীক্ষক পার্থসাৰথি মহন্ত, মহানগৰীৰ যান–বাহন শাখাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এছমাকাম ফাউণ্ডেচনৰ হৈ আজিৰ কার্যসূচীত অংশগ্রহণ কৰে ৷