নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ২০১২ চনত অনুষ্ঠিত উচ্চ প্রাথমিক সাধাৰণ টেট উত্তীর্ণ তথা নিযুক্তি লাভৰ পৰা বঞ্চিত প্রার্থীসকলক শীঘ্রে নিযুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম অনিযুক্ত উচ্চ প্রাথমিক সাধাৰণ টেট উত্তীর্ণ সমন্বয়ৰক্ষী সমিতিয়ে ৷ এইক্ষেত্রত কেবিনেট সিদ্ধান্ত লৈ নিযুক্তিৰ স্পষ্ট নীতি গ্রহণ কৰিবলৈ সমিতিয়ে চৰকাৰক দাবী জনায়৷ এক বিবৃতিত সমন্বয়ৰক্ষী সমিতিৰ সভাপতি দেৱপ্রসাদ বৰাই এইক্ষেত্রত প্রাথমিক শিক্ষা সঞ্চালককো বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায় ৷ এই সন্দর্ভত সভাপতি বৰাই কয় যে ২০১২ চনৰ ১০ জানুৱাৰীত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাত ৫২,৭২২গৰাকী প্রার্থী উত্তীর্ণ হৈছিল ৷ উত্তীর্ণ প্রার্থীসকলৰ একাংশক নিযুক্তি দিয়া হয় যদিও নিযুক্তি পদ্ধতিৰ ত্রুটিৰ কাৰণে উচ্চ প্রাথমিক উত্তীর্ণ একাংশ প্রার্থী আজিও নিযুক্তিৰ পৰা বঞ্চিত হৈ ৰ’ল ৷ বঞ্চিত প্রার্থীসকলৰ বহুতে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কটিশ্বৰে চূড়ান্ত ৰায় দি অহা ছমাহৰ ভিতৰত বঞ্চিত প্রার্থীসকলক নিযুক্তি দিবলৈ চৰকাৰক নির্দেশ দিয়ে ৷ কিন্তু চলিত মাহত ছমাহৰ সময়সীমাৰ অন্ত পৰিব যদিও চৰকাৰে বঞ্চিত প্রার্থীসকলক নিযুক্তিৰ প্রক্রিয়া আৰম্ভ কৰা নাই ৷ গতিকে বঞ্চিত প্রার্থীসকলক চৰকাৰে আদালতৰ নির্দেশমর্মে শীঘ্রে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷