নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গিলক আঁতৰাই এদিনীয়া ৰেংকিঙৰ শীৰ্ষত আৰোহণ বাবৰৰ

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম পুনৰ এদিনীয়াত এক নম্বৰ বেটছমেন হিচাপে পৰিগণিত হৈছে। ভাৰতীয় বেটছমেন শুভমন গিলৰ ৰাজত্বৰ অন্ত পেলাই পুনৰ এক নম্বৰৰ মুকুট দখল কৰিছে বাবৰে। ইয়াৰ উপৰি টি-২০ ইণ্টাৰনেশ্যনেলত এক নম্বৰ স্থানত থকা ভাৰতীয় স্পিনাৰ ৰবি বিষ্ণোইৰ পৰাও এই মুকুট কাঢ়ি লোৱা হৈছে। ইংলেণ্ডৰ স্পিনাৰ আদিল ৰছিদে টি-২০ বলিং ৰেংকিঙত স্থান লাভ কৰিছে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰা শেহতীয়া ৰেংকিং, য’ত এই পৰিৱৰ্তন দেখা গ’ল। বাবৰে ৮২৪টা ৰেটিং লাভ কৰি এদিনীয়া ৰেংকিঙত এক নম্বৰ স্থান দখল কৰে। ৮১০ ৰেটিঙেৰে দ্বিতীয় স্থানত আছে গিল। একে সময়তে আদিল ৰছিদে টি-২০ ইণ্টাৰনেশ্যনেলৰ বলিং ৰেংকিঙত এক নম্বৰ স্থানত থকা ৰবি বিষ্ণোইক চেৰাইছে ৰছিদে। ইংৰাজ স্পিনাৰ ৰছিদে ৭১৫ ৰেটিং লাভ কৰি এক নম্বৰ স্থান দখল কৰে। দ্বিতীয় স্থানত আছে আফগানিস্তানৰ ৰছিদ খান ৬৯২ ৰেটিং লাভ কৰি। প্ৰথম স্থানৰ প্ৰাক্তন ৰবি বিষ্ণোই ৬৮৫ ৰেটিং লাভ কৰি তৃতীয় স্থানলৈ অৱনমিত হৈছে। এই তালিকাত শীৰ্ষ ৫ত আছে শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা ৬৭৯ ৰেটিঙেৰে চতুৰ্থ স্থানত আৰু মহিষ তীক্ষনা ৬৭৭ ৰেটিঙেৰে পঞ্চম স্থান।

#বাৰ্তা ডেস্ক

You might also like