নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমাৰ কুশগ্ৰাক দিল্লী কেপিটেলছত পাই সুখী সৌৰভ গাংগুলী

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ আই পি এলৰ নিলামত দিল্লী কেপিটেলে ঝাৰখণ্ডৰ খেলুৱৈ কুমাৰ কুশগ্ৰাক ৭.২০ কোটি টকাত ক্ৰয় কৰিছিল। এই অনকেপড খেলুৱৈৰ বাবে দিল্লী কেপিটেলছে কিয় বিপুল ধন খৰচ কৰিলে? আচলতে ইয়াৰ আঁৰত দিল্লী কেপিটেলছৰ ক্ৰিকেট সঞ্চালক সৌৰভ গাংগুলী আছে। সৌৰভ গাংগুলীয়ে নিলামৰ পূৰ্বেই সিদ্ধান্ত লৈছিল যে যিকোনো পৰিস্থিতিত কুমাৰ কুশগ্ৰাক নিজৰ দলত অন্তৰ্ভুক্ত কৰিব। কিন্তু কিয় ইমান আপ্লুত হৈছিল ঝাৰখণ্ডৰ এই উইকেটকীপাৰ বেটছমেনক লৈ সৌৰভ গাংগুলী? দৰাচলতে দিল্লী কেপিটেলছৰ ক্ৰিকেট সঞ্চালক সৌৰভ গাংগুলীয়ে কুমাৰ কুশগ্ৰাত মহেন্দ্ৰ সিং ধোনীৰ আভাস দেখিছিল। বেটিঙৰ উপৰি কুমাৰ কুশগ্ৰাই ঘৰুৱা ক্ৰিকেটত উইকেটৰক্ষক ভূমিকা গ্ৰহণ কৰি বহুতকে আকৰ্ষণ কৰিছিল। এই কাৰণতে সৌৰভ গাংগুলীয়ে যিকোনো মূল্যৰ বিনিময়ত কুমাৰ কুশগ্ৰাক দিল্লী কেপিটেলছত বিচাৰিছিল। কুমাৰ কুশগ্ৰাৰ পিতৃয়ে ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, তেওঁক দলত পোৱাৰ পিছত সৌৰভ গাংগুলী অতিশয় আপ্লুত হৈছিল। সেই সময়ত তেওঁ কৈছিল যে কুমাৰ কুশগ্ৰাক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ ১০ কোটি টকা পৰ্যন্ত নিবিদা দিব। তেওঁ লগতে কয় যে কুমাৰ কুশগ্ৰাত ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আভাস দেখা যায়। ২০২২ চনৰ ৰঞ্জি ট্ৰফীত নাগালেণ্ডৰ বিৰুদ্ধে ২৬৯টা বলত ২৬৬ ৰান সংগ্ৰহ কৰিছিল কুমাৰ কুশগ্ৰাই। কিন্তু তেওঁ যি ধুমুহাময় শৈলীত বেটিং কৰিছিল, সেইটোৱে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ পিছত ২০২৩ চনৰ দেওধৰ ট্ৰফীত কুমাৰ কুশগ্ৰাই সাত নম্বৰত বেটিং কৰিবলৈ আহি ৫৮টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। কোৱা হয় যে কুমাৰ কুশগ্ৰাই সহজে ডাঙৰ ডাঙৰ শ্বট মাৰিব পাৰে। তদুপৰি বহু খেলপথাৰত তেওঁ নিজকে প্ৰমাণ কৰি দেখুৱাইছে।

#বাৰ্তা ডেস্ক

You might also like