নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফটোগ্ৰাফাৰৰ ৰূপত বিধায়ক তৰংগ : কেমেৰাত বন্দী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ সমষ্টিটোৰ চাৰিওদিশে ঘূৰি ফুৰি ৰাইজৰ সমস্যা আৰু অভাৱ অনাটনৰ বোজ লৈ ফুৰাৰ লগতে এইসমূহ সমাধানৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰা এগৰাকী যুৱ বিধায়ক। তেওঁ এগৰাকী সুদক্ষ ক্ৰিকেট তথা বেডমিণ্টন খেলুৱৈ ৰূপেও পূৰ্বৰ পৰাই পৰিচিত। এতিয়াও সুযোগ পালেই নিশা বেডমিণ্টন খেলাটো তেওঁৰ দৈনিক কৰ্মসূচীৰ ভিতৰত পৰে। কিন্তু এইবাৰ আন এক ৰূপত আবিৰ্ভাৱ হৈছে এইগৰাকী বিধায়কৰ। এইবাৰ কেমেৰা মেনৰ ৰূপত আবিৰ্ভাৱ হোৱা এইগৰাকী বিধায়ক হল নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ। এলাপেছা নহয় বিধায়কৰ কেমেৰাত বন্দী হল স্বয়ং বনৰজা। হয় এইবাৰ বিধায়ক তৰংগ গগৈৰ কেমেৰাত বন্দী হল নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য। উল্লেখযোগ্য যে কালি নিশা বিধায়কগৰাকীয়ে পত্নী বিদিশা বৰগোঁহাইৰ সৈতে নিশা ওলাই যাওঁতে নাহৰকটীয়া লেঙেৰিজান চাহ বাগিচাৰ সমীপত প্রত্যক্ষ কৰে এটা নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ। উল্লেখযোগ্য যে বিধায়কগৰাকীয়ে নাহৰফুটুকীৰ এই মুক্ত বিচৰণৰ দৃশ্য নিজৰ মোবাইল কেমেৰাত বন্দী কৰাৰ লগতে এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তাৎক্ষণিক ভাৱে বন বিভাগক নিৰ্দেশ দিয়ে। স্মৰণীয় যে কিছুদিন পূৰ্বে এই একেটা অঞ্চলতে এটা দুটা নহয় মুঠ চাৰিটাকৈ বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰাৰ লগতে মুনমী হাজৰিকা নামৰ এগৰাকী যুৱতীয়ে নিজৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছিল। কালি পুনৰ একে ঘটনা সংঘটিত হোৱাত অঞ্চলটোৰ জনসাধাৰণৰ লগতে বাগিচা খনৰ শ্ৰমিক সকল স্বাভাৱিকতে তীব্ৰ আশংকাত ভোগাৰ লগতে শীঘ্ৰেই উক্ত অঞ্চলত পিঞ্জৰা স্থাপন কৰি বাঘ কেইটাক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক অনুৰোধ জনাইছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like