সম্পাদকীয় : নিলম্বনৰ ৰাজনীতি
নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনৰ দ্বিতীয়টো কার্যকালৰ অন্তিমখন শীতকালীন অধিৱেশনক অনাগত বহু বছৰলৈ ভাৰতবর্ষৰ জনসাধাৰণে মনত ৰাখিব৷ বিশেষকৈ ৰাজনীতিৰ সৈতে জডিত হৈ থকা লোকৰ বাবে অধিৱেশনখন অবিস্মৰণীয় হৈ থাকিব৷ অধিৱেশনখনক স্মৰণীয় কৰি ৰখা প্রথমটো ঘটনা ১৩ ডিচেম্বৰত সংঘটিত হয়৷ ইয়ে পৰৱর্তীকালত অধিৱেশনখনক অবিস্মৰণীয় কৰি তোলাৰ এটা পথ মুকলি কৰি দিয়ে৷ ইয়াত স্মৰণীয়, অবিস্মৰণীয়ৰ কথা কোৱা হ’লেও দৰাচলতে কথাটো সুখকৰ নহয়৷ গণতন্ত্রৰ পৱিত্র মন্দিৰ এটাত তেনে ধৰণৰ ঘটনা কাৰোৱেই কাম্য নহয়৷ কিন্তু ৰাজনীতিত অসম্ভৱ বুলি কথাটো নাথাকে৷ বিশেষকৈ নীতিৰ সৈতে ৰাজনীতিৰ ব্যৱধান ভবাতকৈ অধিক হৈ গৈ থকাৰ সময়ত এনে ধৰণৰ ঘটনা অস্বাভাৱিক নহয় বুলিয়েই ধৰি ল’ব পাৰি৷ সমগ্র ঘটনাৱলীক এটা প্রেক্ষাপটত তুলি লৈ বিবেচনা অথবা বিশ্লেষণ কৰি দেখা যায়, কি শাসক কি বিৰোধী পক্ষ, সকলোৰে নজৰ আৰু পৰিকল্পনাত থকা মূল বিষয়টো হৈছে পৰৱর্তী বর্ষটোৰ প্রথম ভাগতে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নির্বাচন৷ নির্বাচনটোৱে দেশখনক শাসক আৰু শাসক দল বাছনি কৰি দিব৷ এতিয়াৰে পৰা যদি ইয়াৰ বাবে সাজু হোৱা নাযায়, তেন্তে ডাঙৰ সুযোগ এটা হাতৰ পৰা ওলাই যাব পাৰে আৰু প্রতিপক্ষৰ হাতত এপাট ডাঙৰ অস্ত্র তুলি দিয়াৰ দৰে হ’ব৷ ১৩ ডিচেম্বৰৰ দিনটো দেশৰ সংসদীয় গণতান্ত্রিক ব্যৱস্থাটোৰ বাবে এটা ক’লা দিন ৰূপে বিবেচিত৷ সেই দিনটোতে প্রায় কুৰি বছৰ পূর্বে সংসদ ভৱন পাক সমর্থিত জেহাদী তথা সন্ত্রাসবাদীয়ে আক্রমণ কৰিছিল৷ যদি কোনোৱে বা কোনো অপশক্তিয়ে সংসদ আক্রমণ কৰিব বিচাৰে বা তেনে ধৰণৰ অপকর্ম সংঘটিত কৰে অথবা কৰিব বিচাৰে সেই সকলোকে দেশ আৰু গণতন্ত্রৰ শত্রু হিচাপে গণ্য কৰা হ’ব৷ এইবাৰ শীতকালীন অধিৱেশন চলি থকা সময়তে ১৩ ডিচেম্বৰত সংঘটিত ঘটনাটোও দেশদ্রোহিতাৰ সমপর্যায়ৰ৷ চৰকাৰেও ঘটনাটোৰ তদন্ত এইটো দিশেৰে লৈ যোৱাটো পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত বিৰোধীৰো সংসদত শাসক পক্ষক প্রশ্ণ কৰাৰ অধিকাৰ আছে৷ দুজন লোক অধিৱেশন চলি থকা সময়তে সদনৰ ভিতৰত প্রৱেশ কৰি আতংকৰ সৃষ্টি কৰিব, ৰাসায়নিক দ্রব্যৰে সংসদৰ ভিতৰখন ধোঁৱাৰে হালধীয়া কৰি তুলিব, ইয়াত কোনেনো নীৰৱে থাকিব? সদনত বিৰোধীও নীৰৱে নাথাকিল৷ বিজেপি নেতৃত্বাধীন এন ডি এক সমাগত লোকসভা নির্বাচনত শ’লঠেকত পেলাই শাসনৰ বাঘজৰী হাতত তুলি লোৱাৰ বাবে নতুনকৈ একত্র হোৱা বিৰোধী ঐক্য মর্চা ‘ইণ্ডিয়া’ও নীৰৱ হৈ নাথাকিল৷ বিৰোধীৰ হাতলৈ এটা ডাঙৰ ইছ্যু আহিল ঃ নিবনুৱা সমস্যা৷ যিকেইজনে সদনৰ ভিতৰত প্রৱেশ কৰি ১৩ ডিচেম্বৰত আতংকৰ সৃষ্টি কৰিছিল, তেওঁলোক কোনো সন্ত্রাসবাদী সংগঠনৰ সদস্য বুলি এতিয়ালৈকে প্রতিপন্ন হোৱা নাই৷ বৰং নিবনুৱা সমস্যাটোৰ কথা চৰকাৰৰ নজৰলৈ অনাৰ হেতু তেওঁলোকে তেনে গর্হিত পন্থা হাতত লৈছিল৷
দেশখনৰ কোটি কোটি নিবনুৱাৰ সহানুভূতি আৰু সমর্থন নিজৰ পক্ষলৈ অনাৰ বাবে বিৰোধীৰ হাতলৈ এপাট অস্ত্র আহি পৰিছিল৷ কিন্তু বিজেপিৰ ৰণকৌশল আছিল বেলেগ৷ সংসদৰ সুৰক্ষাক লৈ বিৰোধীয়ে সদনত হুলস্থূল কৰি সংসদকে সুৰক্ষিত কৰি ৰাখিব নোৱৰা চৰকাৰখন শাসনৰ বাবে ডপযুক্ত নহয় বুলি জনমানসত ভাবমূর্তি এটাহে গঢ়ি তুলিবলৈ চেষ্টা চলালে৷ চীনৰ ক্ষেত্রতো কংগ্রেছ তথা বিৰোধীয়ে চৰকাৰ তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীক দুর্বল হিচাপে প্রতিপন্ন কৰিবলৈ প্রয়াস চলাই আহিছে৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীক ব্যক্তিগতভাৱে কৰা আক্রমণৰ নির্বাচনী ফলাফল বাৰে বাৰে বিৰোধীৰ বিপক্ষে গৈছে৷ ১৩ ডিচেম্বৰত সংঘটিত ঘটনাটোক লৈ অর্থাৎ সংসদৰ নিৰাপত্তাক লৈ বিৰোধীয়ে গৃৃহমন্ত্রী অমিত শ্বাহৰ বিবৃতি বিচাৰি দুয়ো সদনতে প্রতিবাদ আৰম্ভ কৰিলে৷ ইমানলৈকে সকলো প্রত্যাশিতভাৱেই গৈছিল৷ কিন্তু চৰকাৰক শ’লঠেকত পেলাব পৰা যাব বুলি অত্যুৎসাহত ভুগি বিৰোধীয়ে নিলম্বনৰ ৰাজনীতি আৰম্ভ কৰিলে৷ প্রতিবাদৰ প্রথম সময়ছোৱাত অসংসদীয় আচৰণৰ বাবে বিৰোধী পক্ষৰ সাংসদ নিলম্বন হয় যদিও পিছলৈ বিৰোধীৰ আচৰণ ‘আমাক নিলম্বন কৰক’ ধৰণৰ হৈ পৰে৷ বিৰোধীৰ এই ৰাজনৈতিক কৌশল এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে৷ তেওঁলোকে চৰকাৰ তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীক গণতন্ত্রৰ শত্রু হিচাপে জনমানসত প্রতিষ্ঠা কৰিবলৈ নিলম্বনক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ চৰকাৰেও এটা পৰিকল্পনাৰ আধাৰত বিৰোধীক জালত পেলোৱাৰ কৌশল ৰচনা কৰিলে৷ বিৰোধীৰ অস্ত্রৰে বিৰোধীকে বধ কৰিবলৈ দুয়োখন সদনত নিলম্বিত বিৰোধী পক্ষৰ সাংসদৰ সংখ্যাও সেই অনুসৰি বাঢ়িবলৈ ধৰিলে৷ চৰকাৰৰ অংকত নিজৰ আচৰণেৰে বিৰোধীয়ে অগণতান্ত্রিক চৰিত্র ডদঙাই দিছে৷ চৰকাৰৰ কথা হৈছে বিৰোধীয়ে সংসদত অহেতুক বাধাৰ সৃষ্টি কৰিছে, বিৰোধী বিকাশৰ পৰিপন্থী আৰু দেশবিৰোধী৷ বিজেপিয়ে দেশৰ জনসাধাৰণৰ মাজলৈ এইখিনি কথা লৈ যোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে কোন কাৰ ফান্দত পৰে, কথাটো স্পষ্ট হ’বলৈ কিছু সময়ৰ প্রযোজন হ’ব৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীক এজন দুর্বল আৰু অক্ষম শাসক হিচাপে প্রতিষ্ঠা কৰিব বিচৰা প্রতিটো প্রয়াসৰ নির্বাচনী ফলাফল ওলোটা হৈ আহিছে৷