নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ ভিডিঅ’ সাংবাদিকৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ফৰেনছিক-এছআইটিৰ

নিয়মীয়া বাৰ্তা,  ২২ ডিচেম্বৰ : এটা ছেটেলাইট নিউজ চেনেলৰ চামগুৰিস্থিত ভিডিঅ’ সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ আজি খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱত উপস্থিত হয় ফৰেনছিক বিশেষজ্ঞ আৰু এগৰাকী দণ্ডাধীশসহ এছ আই টিৰ এটা তদন্তকাৰী দল ৷ তদন্তকাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ ভিডিঅ’ সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ পুনৰ অনুসন্ধান আৰম্ভ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত লোকৰ পৰা সাক্ষ্য গ্ৰহণ কৰে ৷ উল্লেখ্য যে যোৱা ১৬ জুলাইত নিশা এন কে টিভিৰ চামগুৰিস্থিত ভিডিঅ’ সাংবাদিক ধনটি হীৰাই লগৰ দুজন বন্ধুৰ সৈতে এ এছ-০২ ইউ-৬১১৩ নম্বৰৰ বাইকখনেৰে বকুলতল দিশৰ পৰা খাটোৱাল গাঁৱৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত বৰভেটি অঞ্চলৰ পথত দুজন লোকক খুন্দা মাৰে ৷ ফলত চামগুৰিস্থিত ভিডিঅ’ সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল ৷ ভিডিঅ’ সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত স্থানীয় একাংশ লোকৰ লগতে পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৰিছিল ৷ সাংবাদিকজনৰ মূৰৰ পিছফালৰ অংশত গুৰুতৰভাৱে আঘাতৰ চিন স্পষ্ট থকাৰ লগতে দেহৰ আন স্থানত কোনো আঘাত চিন দেখা পোৱা নাই বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে ৷ আনহাতে, পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত সাংবাদিক ধনটি হীৰাক একাংশ লোকে প্ৰহাৰ কৰি হত্যা কৰিছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰি খাটোৱাল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ এইক্ষেত্ৰত খাটোৱাল আৰক্ষী থানাৰ লগতে নগাঁও জিলা প্ৰশাসনে নগাঁও অসামৰিক চিকিৎসালয়ত এটা চিকিৎসক দলৰ দ্বাৰা সাংবাদিকগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল ৷ সেই সময়ত নগাঁও জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে এছ আই টি ৰ এটা দল গঠন কৰি সাংবাদিকজনৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল ৷ আজি এছ আই টিৰ দলটোৰ লগতে ফৰেনছিক বিশেষজ্ঞ আৰু এগৰাকী দণ্ডাধীশৰ লগতে উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰাৰ লগতে দুৰ্ঘটনাটো সংঘটিত হোৱা সময়ত ধনটি হীৰাৰ লগত একেখন বাইকত থকা যুৱক দুজনৰ সাক্ষ্য গ্ৰহণ কৰাৰ লগতে ধনটি হীৰাৰ পৰিয়ালৰ লোকৰো সাক্ষ্য গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷ লগতে দুৰ্ঘটনাটোত আহত হোৱা লোক দুজনৰো উক্ত তদন্তকাৰী দলটোৱে সাক্ষ্য গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷

 

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like